সফলতা! চাপৰমুখ ৰে’ল জংচনত নগাঁও আৰক্ষীয়ে জব্দ কৰিলে ১কুইন্টলতকৈ অধিক গাঞ্জা…

ডিজিটেল ডেস্কঃ সোমবাৰে পুৱতি নিশা ৰহাৰ চাপৰমুখ ৰে’ল জংচনত নগাঁও আৰু ৰহা আৰক্ষীৰ বৃহৎ অভিযান। নিশা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে এক কুইণ্টল ১২ কেজি গাঞ্জা। আগৰতলা-মধ্যপ্ৰদেশ হাবিবগঞ্জ ৰাণী কমলাপতি এক্সপ্ৰেছত অভিযান চলাই জব্দ কৰে এই তিনি চাৰি কোটি টকাৰ মূল্যৰ অবৈধ গাঞ্জা।
জানিব পৰা মতে ত্ৰিপুৰাৰ পৰা কেইবাটাও গাঞ্জা মাফিয়াই ৰাণী কমলাপতি এক্সপ্ৰেছেৰে বৃহৎ পৰিমাণৰ গাঞ্জাখিনি আনি আছিল। কিন্তু হোজাইত আৰক্ষীয়ে গোপন সুত্ৰৰ ভিত্তিত অভিযান চলাই উক্ত ৰে’লখনৰ পৰা বহু সংখ্যক গাঞ্জা পেকেটসহ চাৰিটা গাঞ্জা মাফিয়াক আটক কৰে।
পিচত সিহঁতৰ স্বীকাৰোক্তিৰ ভিত্তিত একেখন ৰে’লতে নগাঁও আৰু ৰহা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি। মাফিয়াই গাঞ্জাখিনি এটা ডবাৰ শৌচাগাৰৰ ভিতৰৰ এটা বক্সত লুকুৱাই আনিছিল। আৰক্ষীয়ে কাটাৰ মেচিন, হাতুৰী আদিৰে বক্স ভাঙি গাঞ্জাখিনি বাহিৰ কৰে। লগতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখছে। এই অভিযানৰ নেতৃত্ব দিছিল নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/LYCNvnx
via IFTTT
Comments
Post a Comment