১১বজাত অসম পাবহি প্ৰধানমন্ত্ৰীঃ কি কি কাৰ্যসূচীত ল’ব অংশ, সবিশেষ…

ডিজিটেল ডেস্কঃ কেবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী। দিনৰ ১১ বজাত কাৰ্বি আংলং জিলাৰ ডিফুত আয়োজিত শান্তি, একতা আৰু উন্নয়নৰ সমাৱেশত ভাষণ দিবলগীয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে ৫০০ কোটি টকাৰো অধিক পৰিমাণৰ পুঁজি ব্যয়সাপেক্ষ শিক্ষাখণ্ডৰ কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

এই প্ৰকল্পসমূহৰ কেইটামান হ’ল ডিফুৰ প্ৰস্তাৱিত পশু চিকিৎসা মহাবিদ্যালয়, পশ্চিম কাৰ্বি আংলং জিলাত স্থাপন হ’বলগীয়া স্নাতক মহাবিদ্যালয় আৰু কৃষি মহাবিদ্যালয় ইত্যাদি। দুই হেজাৰতকৈও অধিকসংখ্যক অমৃত সৰোবৰ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব।

উল্লেখ্য যে ৰাজ্য চৰকাৰে প্ৰায় ১,১৫০ কোটি টকাৰে এই অমৃত সৰোবৰসমূহৰ উন্নয়ন সাধনৰ আঁচনি গ্ৰহণ কৰিছে।  দিনটোৰ পৰৱৰ্তী কাৰ্যসূচী অনুসৰি বিয়লি প্ৰায় ১.৪৫ বজাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হ’বলগীয়া প্ৰধানমন্ত্ৰী মোদীয়ে নতুনকৈ স্থাপন কৰা ডিব্ৰুগড় কৰ্কট ৰোগ চিকিৎসালয়খন দেশবাসীৰ নামত উছৰ্গা কৰিব।

ইয়াৰ পাছত বিয়লি ৩ বজাত ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত এখন জনসভাত অংশগ্ৰহণ কৰিবলগীয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ বিভিন্ন ঠাইত স্থাপিত আন ছখন কৰ্কট ৰোগ চিকিৎসালয় আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া আন ৭ খন কৰ্কট ৰোগ চিকিৎসালয়ৰো আধাৰশিলা স্থাপন কৰিব।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/NHVqLsx
via IFTTT

Comments