GMC ইলেকশ্যনঃ গুৱাহাটীৰ আধা মানুহেই নিদিলে ভোট…

ডিজিটেল ডেস্কঃ জি এম চি নিৰ্বাচন প্ৰায় ৯বছৰৰ পাছত অনুষ্ঠিত হৈছিল। ভৱা হৈছিল গুৱাহাটীবাসীয়ে অতি উতকন্ঠাৰে এই নিৰ্বাচনত অৱৰ্তীণ হব। কিন্তু বাস্তৱত সেয়া নহল। গুৱাহাটীৰ প্ৰায় আধা মানুহেই ভোট দিবলৈ ওলাই নাহিল ঘৰৰ পৰা। ভোটগ্ৰহণৰ দিনটোত বতৰেও কোনো বিধি-পথালি দিয়া নাছিল। পুৱাৰে পৰা ৰদ-বৰষুণ একো নোহোৱাকৈ ফৰকাল হৈ থকা বতৰেও ভোটাৰ ৰাইজক ঘৰৰ পৰা ওলিয়াই আনিব নোৱাৰিলে।
গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত প্ৰায় ৫৩.০২ শতাংশ ভোটদান সম্পন্ন হল। পুৱাৰে পৰাই ভোটকেন্দ্ৰবোৰত অতি সেৰেঙা ভোটাৰৰ উপস্থিতিত ভোটদান সম্পন্ন হোৱা দেখা গল। বহু ভোটকেন্দ্ৰত দুপৰীয়াৰ লৈকে নাহিল এজনো ভোটাৰ। তথাপিও সমাজৰ কেইবাজনো বিশিষ্ট ব্যক্তি ড০ হীৰেন গোহাঁই, ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই পুৱাৰ ভাগতে সাব্যস্ত কৰিলে ভোটদান।
ভোটাৰৰ সেৰেঙা উপস্থিতি হলেও শান্তিুপূৰ্ণভাৱেই ভোটদান প্ৰক্ৰিয়া সম্পন্ন হল। অৱশ্যে বিয়লি ভাগলৈ আপ আৰু বিজেপি কৰ্মীৰ মাজত সংঘাতৰ এক খবৰ আহিছিল। বিজেপি কৰ্মীয়ে আপৰ কৰ্মীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল।
উল্লেখ কৰা প্ৰয়োজন যে, এইবাৰ নিৰ্বাচনত আছে মুঠ ৭ লাখ ৯৬ হাজাৰ ৮২৯গৰাকী ভোটাৰ। তাৰে ভিতৰত পুৰুষ ভোটাৰ ৩ লাখ ৯৬ হাজাৰ ৮৯১। আনহাতে মহিলা ভোটাৰৰ সংখ্যা ৩ লাখ ৯৯ হাজাৰ ৯১১টা। সেইদৰে তৃতীয় লিংগৰ মুঠ ভোটাৰৰ সংখ্যা ২৭টা।৭৮৯টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/VT6Rigd
via IFTTT
Comments
Post a Comment