ঐতিহাসিক সমলেৰে ভৰপূৰ জয়পুৰ সংৰক্ষিত বনাঞ্চলত ব্যাপক বন ধ্বংস…

ডিজিটেল সংবাদ,নামৰূপ :- চৰকাৰৰ দায়িত্বহীনতা ,দুৰ্নীতত লিপ্ত বন বিষয়াৰ কৰ্মীৰ প্ৰৰোচনাত পৰি ইতিহাস হোৱাৰ পথত জয়পুৰ সংৰক্ষিত বনাঞ্চল আৰু জয়পুৰ বৰ্ষাৰণ্য । উল্লেখৰ প্ৰয়োজন যে প্ৰায় ১১১.১৯ বৰ্গ কিঃমিঃ আগুৰা দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলত শেহতীয়াভাৱে ভয়ানক ভাবে বৃদ্ধি পাইছে বন ধ্বংস কাৰ্য। প্ৰায় ষাঠি প্ৰজাতিৰ ডাঙৰ গছ আৰু আঠাইশ প্ৰজাতিতকৈ অধিক অৰ্কিডেৰে ভৰপূৰ জয়পুৰ সংৰক্ষিত ঘন বনাঞ্চল বনদস্যুৰ উপদ্ৰপত ক্ৰমে পাতল হৈ অহা পৰিলক্ষিত হৈছে।
লক্ষণীয় যে জয়পুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ কঠালগুৰি খণ্ডৰ অন্তৰ্গত শুগৰী পথাৰ এলেকাত, নামৰূপৰ খণ্ড বন কাৰ্য্যালয়ৰ অন্তৰ্গত অভয়পুৰ, কছাৰী পথাৰৰ দিশে বিগত কিছুদিনৰ ভিতৰত ব্যাপক বন ধ্বংসযজ্ঞ চলি থকাৰ তথ্য পোহৰলৈ আহিছে। এক বিশ্বস্ত সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি চলিত মাহতে শুগৰীপথাৰ এলেকাৰ পৰা হোলোং আৰু ছপা মিলাই ২৮ জোপাৰো অধিক প্ৰকাণ্ড গছ কাটি তহিলং কৰিছে ৰাষ্ট্ৰীয় উদ্যান খনৰ ভিতৰত।
আনহাতে নামৰূপ খণ্ড বন কাৰ্য্যালয়ৰ অন্তৰ্গত হাপজান,অভয়পুৰ, কছাৰী পথাৰৰ দিশে চপা, চাম কঁঠাল আদি গছ কাটি জংঘলতে ফালি নিশাৰ ভাগত কান্ধত তুলি অভয়পুৰ, আৰু কছাৰীপথাৰৰ দিশেদি জংঘলৰ পৰা উলিয়াই আনে বুলি প্ৰত্যক্ষ দৰ্শীয়ে জনায়। এই বিষয়ে অধিক তথ্য লাভৰ বাবে অথবা বিভাগীয় বিষয়াক ফোন যোগে অৱগত কৰাৰ বিচাৰিলেও ফোন ৰিচিভ নকৰে বুলি বৰ্তমান সৰ্বজন জ্ঞাত। মন কৰিব লগীয়া যে ডিব্ৰুগড়ৰ বৰ্তমানৰ ডি এফ অ গৰাকীয়ে যোগদান সময়ত শিল বালিতকৈ জংঘল সুৰক্ষাত হে অধিক গুৰুত্ব দিয়া হ’ব বুলি সাংবাদিকৰ আগত কৈছিল যদিও বৰ্তমান সম্পূৰ্ণ ওলোটা ছবিহে দেখা গৈছে।
নামৰূপ খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া গৰাকীয়ে নামৰূপৰ কাৰ্যালয়ত মাজে মধ্যে হে ভুমুকি মৰাৰ বিপৰীতে নামৰূপ কাৰ্যালয়ৰ দুগৰাকী বনকৰ্মীয়ে জংঘল সুৰক্ষাতকৈ নামৰূপৰ অবৈধ ফৰেষ্ট চেক গেট দুখনত শিল বালি কঢ়িওৱা গাড়ীৰ পৰা পুঁজি সংগ্ৰহত অধিক নিয়োজিত হোৱা বুলি সৰ্বতে চৰ্চিত। বন সুৰক্ষাৰ নামত অস্থায়ী ভাবে নিয়োজিত কৰ্মী দুজনমানক মাজে মধ্যে জংঘলৰ ভিতৰত তহলদাৰী কৰাই দায়িত্ব সামৰিছে নামৰূপৰ বন কাৰ্যালয়ে। ন্যস্ত স্বাৰ্থ সিদ্ধি কৰি এই সকলো কথা অৱগত হৈ ও চকু মুদা কুলিৰ ভাৱত জয়পুৰ বন আঞ্চলিক বিষয়া আৰু ডিব্ৰুগড়ৰ বন প্ৰাধিকাৰী বিষয়া গৰাকী ।
স্মাৰ্তব্য যে কংগ্ৰেছ চৰকাৰে কোটি কোটি টকা ৰাইজৰ ধনৰ শৰাধ কৰি বৰ্ষাৰণ্য উৎসৱ পাতি ডিঙিৰ শিৰ ফুলাই বৰ্ষাৰণ্য সুৰক্ষা আৰু সংৰক্ষণৰ লেকচাৰ মাৰিলে। ইয়াৰ পিছৰ পৰ্যায়ত বৰ্তমানৰ শাসকীয় চৰকাৰে সংৰক্ষিত বনাঞ্চল খনক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰি ইমানতে দায়িত্ব সামৰিলে।
প্ৰকৃতাৰ্থত এই বনাঞ্চলৰ ভিতৰচৰাত কি হৈ আছে তাক লৈ খবৰ ৰখাৰ প্ৰয়োজন বোধ কৰা নাই ।বৃহৎ বনাঞ্চল খনৰ সিপাৰে অৰুণাচলী নগাৰ আগ্ৰাসনত বন ভূমি হ্ৰাস পাইছে এইপাৰে চোৰাং কাঠ ব্যৱসায়ীযে ব্যাপক হাৰত মূল্যবান গছ কটাৰ ফলত অভয়াৰণ্য খনে সংৰক্ষিত বনাঞ্চলৰ স্বকীয়তা হেৰুৱাব লগতে অসম চৰকাৰে ঘোষিত ৰাষ্ট্ৰীয় উদ্যানৰ খিতাপো যে হেৰুৱাব ই নিশ্চিত হৈ পৰিছে।
আৰু পঢ়ক: নতুন বিকল্প! ‘আপ’ৰ আগমনত ৰাজনীতিত নতুন ধুমুহা…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/mdieHu8
via IFTTT
Comments
Post a Comment