বকোৰ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যুৱ কংগ্ৰেছীয়ে চলোৱা দালালৰাজ সন্দৰ্ভত সংবাদমেল…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সংখ্যালঘু অধ্যুষিত অঞ্চলৰ উপৰি পাৰ্শ্বৱৰ্তী এলেকাৰ প্ৰায় দুই লক্ষাধিক লোক সামৰিলৈ স্থাপিত সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন সম্প্ৰতি একাংশ যুৱ কংগ্ৰেছীয়ে দালালৰাজ চলোৱা তথা কংগ্ৰেছৰ ৰাজীৱ ভৱনলৈ পৰিণত কৰা সন্দৰ্ভত সোণতলীত শুকুৰবাৰে বিয়লি একাংশ সচেতন লোকে এখন সংবাদমেল অনুষ্ঠিত কৰে৷ সংবাদমেলত প্ৰাক্তন সাংবাদিক আজাদ ওচমান গণিয়ে কয়-বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে যি সময়ত সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন ৩০খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণ কৰিব লাগিছিল কিন্তু সেইসময়ত বিধায়িকাগৰাকীয়ে চিকিৎসালয়খনৰ পৰিচালনা কমিটি গঠনক লৈ ব্যস্ত থকা বুলি উল্লেখ কৰে৷
বিধায়িকাই গঠন কৰি দিয়া কমিটিখনেই হাস্পতাল উন্নয়নৰ ক্ষেত্ৰত হেঙাৰ দিয়া বুলি উল্লেখ কৰি গণিয়ে কয়-কমিটিয়ে নিয়োগ কৰা কৰ্মচাৰীৰ দ্বাৰাই চিকিৎসালয়ত ব্যাপক দুৰ্নীতি আৰম্ভ হৈছে আৰু ৰোগীৰ আত্মীয়ক দাবী-ধমকিৰ লগতে ভাবুকি দি ধন সংগ্ৰহত লিপ্ত হোৱা বুলি উল্লেখ কৰে৷ তেওঁ পুনৰ কয়-চিকিৎসালয়খনত একাংশ ৰাজনৈতিক দালালৰ লগতে ঔষধ কোম্পানীৰ এম আৰ সঘনে অহা-যোৱা কৰাৰ ফলতো সাধাৰণ নাগৰিকে বিনামূলীয়া ঔষধৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷
সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন জনতাক সেৱাৰ নামত একাংশ চিকিৎসকে শোষণকাৰ্য চলাই গৈছে৷ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ ফাৰুক ইমদাদ খানে চিকিৎসায়ত আটকধুনীয়া আৱাসগৃহ থকাৰ পিচতো তেওঁ সুদুৰ ৰাংগাপানীস্থিত আত্মীয়ৰ ঘৰত থকাৰ আঁৰৰ ৰহস্য কি বুলি উল্লেখ কৰি গণিয়ে কয়-চিকিৎসালয়ত অনৈতিকভাৱে ৰোগীৰ পৰা পাঁচশৰ পৰা হাজাৰ টকা উৎকোচ হিচাপে লোৱা বিষয়টো মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ হস্তক্ষেপত এক উচ্চপৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰি দোষীক শাস্তিৰ দাবী জনায়৷ সংবাদমেলত প্ৰাক্তন সাংবাদিক আজাদ ওচমান গণিয়ে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখনক ৩০খন বিছনাযুক্ত সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ উন্নীতকৰণৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ ওচৰত দাবী জনায়৷ অঞ্চলটোৰ শিক্ষাবিদ জহিৰুল ইছলামে কয়-বৃহত্তৰ অঞ্চলটোৰ দুই লক্ষাধিক লোকৰ চিকিৎসাৰ একমাত্ৰ কেন্দ্ৰখনেই হৈছে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ৷ চিকিৎসক, নাৰ্ছ নতুবা মধ্যভোগীয়ে স্বাস্থ্য কেন্দ্ৰত বেয়া কাম কৰিবলৈ অগ্ৰসৰ হোৱা লোকক তেওঁ সংবাদমেলযোগে
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/02b78Wg
via IFTTT
Comments
Post a Comment