পানীখেতিত উত্তেজনাঃ ভূমি বেদখল কৰি ঘৰ নিৰ্মাণ নগাৰ, সীমান্তবাসীক ভীতিগ্ৰস্ত কৰিবলৈ নগাৰ শূন্য লৈ গুলীবৰ্ষণ…

ডিজিটেল সংবাদ বেকাজানঃ পুনৰ উত্তপ্ত হৈ পৰিছে যোৰহাট জিলাৰ অসম – নাগালেণ্ড সীমান্তৰ ‘ ই ‘চেক্টৰ অন্তৰ্গত বৰহোলাৰ নগাবাট পানীখেতি। সোমবাৰে পুৱা নাগালেণ্ডৰ ভাণ্ডাৰী মহকুমাৰ ইম্পাঙ বস্তিৰ এটা সাতজনীয়া নগা দুৰ্বৃত্ত দলে নতুন পানীখেতি বি পি অৰ সন্মুখত অসমৰ ভূমি বেদখল কৰি পুনৰ ঘৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰা কাৰ্যক প্ৰতিহত কৰি বৰহোলা আৰু বেকাজান আৰক্ষীয়ে খেদি পঠায় । ইয়াৰ পিছতেই সমগ্ৰ পানীখেতি সীমান্ত অঞ্চলত উত্তেজনা বিয়পি পৰে ।

জানিব পৰা মতে সোমবাৰে পুৱা ১০ মান বজাত নাগালেণ্ডৰ ইম্পাঙ বস্তিৰ ৭ জনীয়া এটা নগা দলে পানীখেতিত টিনৰ চালিৰ এটা ঘৰ নিৰ্মাণ কৰি থকা দেখা পাই স্থানীয় ৰাইজে বৰহোলা আৰক্ষীক খবৰ দিয়ে । লগে লগে বৰহোলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিলীপ চুতীয়া আৰু বেকাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি দাস আৰু পানীখেতি বি পি অৰ প্লাটুন কামাণ্ডাৰ নেতৃত্বত এটা আৰক্ষী দল ঘটনাস্থলিলৈ ৰাওনা হয় ।

অসম আৰক্ষীৰ আগমনৰ খবৰ পোৱাৰ লগে লগে অবৈধ ঘৰ নিৰ্মাণ কৰা নগা দলটো ঘটনাস্থলিৰ পাহাৰৰ ভিতৰলৈ পলায়ন কৰে । জানিব পৰা মতে পলায়ন কৰাৰ সময়ত নগা দলটোৱে সীমান্ত ৰাইজ আৰু অসম আৰক্ষীক ভীতিগ্ৰস্ত কৰিব বাবে শূন্যলৈ কেইবাজাঁই গুলী ফুটাই । ফলত সীমান্তত হুৱাদুৱা লাগে । ইফালে অসম আৰক্ষীৰ বিশাল দলে নগাই নিৰ্মাণ কৰা অবৈধ টিঙৰ চালিখন ধবংস কৰি উচ্ছেদ কৰে ।

উল্লেখযোগ্য যে তিতাবৰ মহকুমা প্ৰশাসনৰ দুৰ্বল ভূমিকাৰ বাবে নগাবাট পানীখেতিত নগাই এতিয়ালৈকে তিনিবাৰকৈ ঘৰ নিৰ্মাণ কৰি কেৱল উত্তেজনাময় পৰিবেশ সৃষ্টি কৰাই নহয় যোৰহাট জিলাৰ প্ৰশাসন আৰু অসম চৰকাৰক অসমৰ ভূমি বেদখল কৰি তথা নাগালেণ্ডত অসমীয়া লোকক প্ৰবেশ নিষিদ্ধ ঘোষণা কৰি এক মুকলি প্ৰত্যাহ্বান জনাইছে । ইয়াৰ পূৰ্বে নাগালেণ্ডৰ ইম্পাঙ বস্তিৰ নগাই পানীখেতিত যোৱা ২ ফেব্ৰুৱাৰী আৰু ১২ মাৰ্চত অসমৰ পকী খুঁটা আঁতৰাই প্ৰায় আঠ বিঘা ভূমি বেদখল কৰি ঘৰ নিৰ্মাণ কৰাকলৈ দুয়োখন ৰাজ্যৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিল ।

অৱশ্যে সীমান্তত সৃষ্টি হোৱা উত্তেজনা নিৰাময়ৰ বাবে তিতাবৰ মহকুমা প্ৰশাসন আৰু নাগালেণ্ডৰ ভাণ্ডাৰী মহকুমা মাজত তিনিখনকৈ গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হৈছিল । বৈঠকত দুয়োখন ৰাজ্যৰ প্ৰশাসনে সীমান্তত স্থিতাৱস্থাত আৰু শান্তি শৃংখলা বজাই ৰখাৰ বাবে সন্মত হৈছিল । কিন্তু নগা গাঁওবাসীয়ে চৰকাৰৰ বিষয়াৰ আলোচনাক কেৰেপ নকৰি বাৰে বাৰে অসমৰ মাটিত ঘৰ সাজি সন্ত্ৰাস চলাবলৈ আৰম্ভ কৰিছে । যাৰ পৰিপ্ৰেক্ষিতত অসম নাগালেণ্ড সীমান্তৰ পানীখেতিত পুনৰ ১৯৯৭ চনৰ দৰে এক সংঘৰ্ষৰ হোৱাৰ সম্ভাৱনাই দেখা দিছে ।

উল্লেখযোগ্য যে সীমান্তত নগাৰ এনে সঘন ভূমি বেদখল চেষ্টা আৰু ঘৰ বনাই গোঁজেই গজালি হৈ অসমৰ মাটি আগ্ৰাসন কৰিব বুলি শংকিত হৈ পৰিছে । অতি পৰিতাপৰ কথা যে যোৱা ফেব্ৰুৱাৰী মাহতো সেই একেই ঠাইতে এজন নগালোকে অসমৰ সীমান্তৰ পকী খুঁটা পাৰ হৈ এটা টিংপাতৰ ঘৰ সাজি কৰি অসমৰ ৮ বিঘাকৈ মাটি বেদখলক কৰাকলৈ এক উত্তেজনাময় পৰিস্থিতি সৃষ্টি হৈছিল । তিতাবৰ মহকুমা আৰক্ষী আৰু বৰহোলা আৰক্ষীয়ে লগে লগে নগা ঘৰটো জ্বলাই দি উচ্ছেদ কৰিছিল ।

পৰৱৰ্তী সময়ত নাগালেণ্ডে আছাম ৰাইফলছ আৰু নগা আৰক্ষী সমাবেশ ঘটাই এক যুদ্ধ সদৃশ পৰিবেশ সৃষ্টি কৰে । আজি পানীখেতিৰ বিবদমান এলেকাত অসম আৰক্ষীক প্ৰত্যাহ্বান জনাই নগাই পুনৰ এটা ঘৰ নিৰ্মাণ কৰে । ফলত সীমান্তৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় । উল্লেখযোগ্য যে পানীখেতিত তৃতীয় আৰক্ষী বাহিনীৰ দুটাকৈ বেটিলিয়েনৰ কেম্প থকাৰ পাছতো কেনেদৰে বাৰে বাৰে অসম নাগালেণ্ডৰ ‘ ই’ চেক্টৰ অন্তৰ্গত পানীখেতিত অসমৰ মাটি বেদখল কৰিবলৈ সাহস গোটাব পাৰিছে তাক লৈ গভীৰ ৰহস্য সৃষ্টি হৈছে । সম্প্ৰতি পানীখেতিৰ ৰাইজে শীঘ্ৰে অসম – নাগালেণ্ড আন্তৰাজ্যিক সীমান্ত সীমা সমস্যা সমাধান কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহবান জনাইছে ।

ক্লিক কৰি পঢ়কঃ মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/fGYsEZ1
via IFTTT

Comments