ইন্ধনৰ মূল্য বৃদ্ধি সম্পৰ্কে মোডীৰ মন্তব্যক সমালোচনা চিদাম্বৰমৰ…

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশত পুনৰ বৃদ্ধি পোৱা কোভিড সংক্ৰমণক কেন্দ্ৰ কৰি বুধবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত এক বৈঠকত মিলিত হয়। এই বৈঠকতে মোডীয়ে প্ৰথমবাৰৰ বাবে বৰ্ধিত ইন্ধনৰ মূল্য সম্পৰ্কে নিজৰ মত প্ৰকাশ কৰে। মোডীয়ে দেশত ইন্ধনৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বাবে অবিজেপি ৰাজ্যসমূহৰ নাম কৈ তেওঁলোকৰ চৰকাৰক জগৰীয়া কৰিছে।

মোডীৰ এই বৈঠকৰ পিছতে এতিয়া বিভিন্নজনে মোডীক পুনৰ সমালোচনাৰ লক্ষ্য কৰি লৈছে। পূৰ্বৰ বিত্ত মন্ত্ৰী তথা কংগ্ৰেছ নেতা পি চিদাম্বৰমে প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ সমালোচনা কৰিছে। উল্লেখ্য যে, দেশৰ বিত্ত মন্ত্ৰালয়ে বুধবাৰে কৈছিল যে, কেন্দ্ৰীয় চৰকাৰে ২০২২ চনৰ মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যসমূহক ৮ মাহৰ জিএছটি ক্ষতিপূৰণৰ পৰিমাণ মুকলি কৰিছে। আনহাতে উপকৰ পুঁজিৰ বাকী পৰিমাণৰ বাবে ৭৮,৭০৪ কোটি টকা ৰখা হৈছে।

পি চিদাম্বৰমে কয় যে, যিদিনা প্ৰধানমন্ত্ৰীয়ে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত ভেটৰ হাৰ হ্ৰাস নকৰাৰ বাবে ৰাজ্যসমূহক তীব্ৰ সমালোচনা কৰিছে। বিত্ত মন্ত্ৰালয়ে একেদিনাই কৈছে যে ৰাজ্যসমূহে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ৭৮,৭০৪ কোটি টকা ধাৰ্য কৰিছে।

বুধবাৰে বিৰোধী শাসিত কেইবাখনো ৰাজ্যত ইন্ধনৰ উচ্চ মূল্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াক “অন্যায়” বুলি অভিহিত কৰি সাধাৰণ মানুহক লাভান্বিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰসমূহক “ৰাষ্ট্ৰীয় স্বাৰ্থত” ভেট হ্ৰাস কৰিবলৈ আহ্বান জনাইছিল। প্ৰধানমন্ত্ৰীয়ে কৈছিল যে, নৱেম্বৰত তেওঁৰ কেন্দ্ৰীয় চৰকাৰে আবকাৰী শুল্ক হ্ৰাস কৰা স্বত্বেও বহুতো ৰাজ্যই ভেট হ্ৰাস কৰাৰ তেওঁৰ অনুৰোধক গুৰুত্ব দিয়া নাই। ৰাজ্য চৰকাৰসমূহক সহযোগিতামূলক ফেডাৰেলিজমৰ মৌলিক মনোভাৱ অনুসৰি বিশ্বব্যাপী সংকটৰ সময়ত কাম কৰিবলৈ আহ্বান জনায়।

ক্লিক কৰি পঢ়কঃ কাৰ্বিআংলঙত উপস্থিত মোডীঃ বিহুকে ধৰি জনগোষ্ঠীয় নৃত্যৰে আদৰণি



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/5OksWqT
via IFTTT

Comments