এটা বিৰ্তকিত টুইটঃ গুজৰাটৰ পৰা কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰিলে অসম আৰক্ষীয়ে…

ডিজিটেল ডেস্কঃ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। অসম আৰক্ষীৰ এটা দলে বুধবাৰে নিশা প্ৰায় ১১:৩০ বজাত দলিত নেতাজনক পালনপুৰ চাৰ্কিট হাউচৰ পৰা গ্ৰেপ্তাৰ কৰে। গুজৰাটৰ ভাদগাম বিধানসভা সমষ্টিৰ কংগ্ৰেছ বিধায়ক আছিল মেৱানী। অসম আৰক্ষীয়ে পালানপুৰৰ পৰা জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰি আহমেদাবাদলৈ ৰাওনা হৈছে।

তেওঁলোকক আহমেদাবাদৰ পৰা গুৱাহাটীলৈ লৈ আহিব। কংগ্ৰেছ বিধায়কজনৰ সমৰ্থকসকলৰ মতে, অসম আৰক্ষীয়ে ইয়াত পঞ্জীয়ন কৰা গোচৰটোৰ উদ্ধৃতি দি গ্ৰেপ্তাৰ প্ৰক্ৰিয়া চলাইছে। উল্লেখ কৰা প্ৰয়োজন যে, প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে এক টুইট কৰিছিল মেৱানীয়ে। অসম আৰক্ষীয়ে পালানপুৰৰ পৰা জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰি আহমেদাবাদলৈ ৰাওনা হৈছে।

তেওঁলোকক আহমেদাবাদৰ পৰা গুৱাহাটীলৈ লৈ আহিব। কংগ্ৰেছ বিধায়কজনৰ সমৰ্থকসকলৰ মতে, অসম আৰক্ষীয়ে ইয়াত পঞ্জীয়ন কৰা গোচৰটোৰ উদ্ধৃতি দি গ্ৰেপ্তাৰ প্ৰক্ৰিয়া চলাইছে। এই মুহূৰ্তত, তেওঁৰ গ্ৰেপ্তাৰে ৰাজ্যখনৰ ৰাজনীতিত এক আলোড়নৰ সৃষ্টি কৰিছে। কংগ্ৰেছৰ এজন বিশিষ্ট দলিত মুখ জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰা হৈছে এনে সময়ত যেতিয়া গুজৰাটৰ বিধানসভা নিৰ্বাচন ওচৰ চাপি আহিছে।

জিগনেশ মেৱানীয়ে তেওঁৰ গ্ৰেপ্তাৰ সন্দৰ্ভত সংবাদ মাধ্যমক কয়, “মোৰ এটা টুইটৰ সন্দৰ্ভত মোক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে মোক কোনো সঠিক তথ্য দিয়া নাই। মই কোনো মিছা অভিযোগৰ ভয় নকৰো। মই মোৰ যুঁজ অব্যাহত ৰাখিম।”



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/kyevE45
via IFTTT

Comments