নগাঁৱত কৰ্কট ৰোগৰ প্ৰস্তাৱিত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন

ডিজিটেল সংবাদ, নগাঁও: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ৰাজ্য খনৰ অন্য ৬ টা স্থানৰ লগতে নগাঁও জিলাতো এখন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে।ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেল মাধ্যমৰে নগাঁও চহৰৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় চৌহদতে স্থাপন হ’ব লগা চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰা হয় ৷
অসম চৰকাৰৰ অধীনৰ কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্বন আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত নগাঁৱৰ লগতে ধুবুৰী, নলবাৰী, গোৱালপাৰা, তিনিচুকীয়া, গোলাঘাট আৰু শিৱসাগৰ জিলাত এই নতুন কৰ্কট ৰোগৰ চিকিৎসালয় কেইখন স্থাপন কৰা দিহা কৰা হৈছে । ৰাজ্যৰ ভিন্ন প্ৰান্তত ৭ খন নতুন কৰ্কট ৰোগৰ চিকিৎসালয় মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্মিত হ’ব লগা ৭ চিকিৎসালয়ৰ ভাৰ্চুৱেল মাধ্যমেৰেই আধাৰশিলা স্থাপন কৰে।
নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় চৌহদত আধাৰশিলা স্হাপনৰ বাবে আয়োজন কৰা অনুষ্ঠানত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী,ৰহাৰ বিধায়ক শশী কান্ত দাস, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰ বৈশ্য, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, উপায়ুক্ত নিৰ্গস হিৱৰে , শীৰ্ষ প্ৰশাসনিক বিষয়া কবিথা পদ্মনাভন, স্বাস্থ্য বিভাগৰ বিষয়া সকলৰ লগতে বহু সংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকে ৷
আৰু পঢ়ক: নটুৱাগাঁৱত ১২৩ সংখ্যাক আঞ্চলিক মহানাম, ৰজা হৰিচন্দ্ৰ পাল্লানাট মঞ্চস্থ…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/kgHwuez
via IFTTT
Comments
Post a Comment