মথুৰাপুৰ পানীবিল গাঁৱত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি মন্ত্ৰী যোগেন মহনৰ…

ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলাৰ লাকুৱা উন্নয়ন খণ্ডৰ অধীনৰ মথুৰাপুৰ নিমনাগড় পঞ্চায়তৰ পানীবিল গাঁৱত শুকুৰবাৰে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে এটি আদৰ্শ  অংগনবাড়ী কেন্দ্ৰ মুকলি কৰে।

কেন্দ্ৰটো মুকলি কৰাৰ পিছতে উক্ত স্থানতে অনুষ্ঠিত হোৱা এখন সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।
লাকুৱা সংহত শিশু উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত মন্ত্ৰী গৰাকীয়ে উপস্থিত থাকি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়াই আদৰ্শ অংগনবাড়ী কেন্দ্ৰটো শুভ উদ্বোধন কৰে ৷

সুন্দৰভাৱে নিৰ্মাণ কৰা অঙ্গনাবাড়ী কেন্দ্ৰটোৰ জৰিয়তে উক্ত পিছপৰা অঞ্চলটোৰ কণ কণ শিশুসকলৰ উন্নয়ন সাধন হ’ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।


আৰু পঢ়ক: ৯মে’ত যুদ্ধ শেষ! কিন্তু এওঁলোকৰ কি হ’ব?



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/wcMHPeG
via IFTTT

Comments