পুনৰ গুলীবিদ্ধ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা ড্ৰাগছ সৰবৰাহকাৰী…

ডিজিটেল সংবাদ বোকাজানঃ পুনৰ অসম আৰক্ষীয়ে চলালে গুলী। বোকাজনত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীলৈ চলালে গুলী। আৰক্ষীৰ গুলীত আহত নুৰ উদ্দিন নামৰ ড্ৰাগছ সৰবৰাহকাৰী।

ঘটনাৰ বিৱৰণ অনুসৰি যোৱা ১৪ এপ্ৰিলত খটখটি আৰক্ষীয়ে ১০০ গ্ৰাম ড্ৰাগছসহ নুৰ উদ্দিন আৰু অনিতা গগৈ নামৰ এগৰাকী মহিলাক আটক কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তদন্তৰ বাবে আটকাধীন নুৰ উদ্দিনক লৈ ডিমাপুৰলৈ গৈছিল।

আৰক্ষীৰ সন্মুখত দিয়া স্বীকাৰোক্তি অনুসৰি নুৰ উদ্দিনৰ সহযোগী ডিমাপুৰত আছিল। সেয়েহে আৰক্ষীয়ে নুৰ উদ্দিনক লৈ ডিমাপুৰলৈ যোৱাৰ সময়তে আৰক্ষীক ঠেলা মাৰি নুৰ উদ্দিনে পালবলৈ চেষ্টা কৰে। ফলত আৰক্ষীয়ে তেওঁৰ ভৰিত গুলী কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত আহত নুৰ উদ্দিনক ইয়াৰ পাছতে ডিফু মেডিকেল কলেজত ভৰ্তি কোৰোৱা হৈছে।

ক্লিক কৰি পঢ়কঃ পানীখেতিত উত্তেজনাঃ ভূমি বেদখল কৰি ঘৰ নিৰ্মাণ নগাৰ, সীমান্তবাসীক ভীতিগ্ৰস্ত কৰিবলৈ নগাৰ শূন্য লৈ গুলীবৰ্ষণ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2HYmzSM
via IFTTT

Comments