মহিলা সহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ , নগাঁও : আৰক্ষীৰ জালত পৰিছে মহিলা সহ তিনি ড্ৰাগছ সৰবৰাহকাৰী ৷ গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰীৰ নাম হৈছে চকিটূপ ফাঁচি ৰোডৰ জয়নাল উদ্দিন আৰু ৰশ্বিদা খাতুন ৷ আন জন সৰবৰাহকাৰী হৈছে চোটৰূপহীৰ জামাল উদ্দিন ৷
জানিব পৰা মতে হয়বৰগাঁও টাউন আৰক্ষী চকীৰ বিষয়া তৰঙ্গ পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চকিটূপ ফাঁচি ৰোডত নিশা অভিযান চলাইছিল ৷ এই অভিযানতে গ্ৰেপ্তাৰ হয় জয়নাল আৰু ৰশ্বিদা ৷ দুয়োজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে হেৰ’ইনৰ ৪০ টা কন্টেনাৰ , টেবলেট , চিৰাপৰ বটল আৰু নগদ ৬০৮০ টকা জব্দ কৰে ৷ গ্ৰেপ্তাৰ হোৱা জয়নাল আবেদিনে হেৰ’ইন খিনি হোজাইৰ ডবকাৰ ফাৰুক আৰু তাহাজুলৰ পৰা ক্ৰয় কৰি অনা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে ৷
আন হাতে টাউন উপ পৰিদৰ্শকৰ নেতৃত্ব চলা আন এটা অভিযানত জামাল উদ্দিনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ চোট ৰূপহীৰ জামাল উদ্দিনৰ জিম্মাৰ পৰা হেৰ’ইন ভৰ্তি সাতটা কন্টেনাৰ উদ্ধাৰ কৰা হয় ৷
আৰু পঢ়ক: মুছলমান মহিলা সকলৰ বাবে উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/TqfeusJ
via IFTTT
Comments
Post a Comment