লতাশিলৰ বিহু সম্ৰাজ্ঞী শতাব্দী কলিতাৰ বাসগৃহত চোৰৰ চাফাই অভিযান

ডিজিটেল ডেস্ক: শতাব্দী কলিতাই লতাশিলত বিহু সম্ৰাজ্ঞীৰ খিতাপ লাভ কৰাৰ পিছত পিতৃ, ভাতৃ গুৱাহাটীলৈ যোৱাৰ পিছতে চোৰে যোৰহাটৰ বাসগৃহত চলাই চাফাই অভিযান।

চোৰে শতাব্দীৰ ঘৰৰ পৰা এল চি ডি টিভি ,চাইকেলৰ লগতে শতাব্দীয়ে বিভিন্ন মঞ্চত পোৱা উপহাৰ লৈ যায়। শতাব্দী সহ পৰিয়ালটো যোৰহাটৰ তৰাজান শঙ্কৰদেৱে নগৰত থকা বাসগৃহ পোৱাৰ পিছতহে গম পায় চুৰি হোৱাৰ কথা।

ইতিমধ্যে আৰক্ষীক এজাহাৰ দিয়া হৈছে যদিও আৰক্ষীয়ে উলিয়াব পৰা নাই চোৰৰ সন্ধান। উল্লেখ্য যে একেদিনাই যোৰহাটৰ ন আলিত থকা শতাব্দীৰ বৰদেউতাকৰ ভাড়া ঘৰতো চোৰে কেবালাখ টকাৰ সোণ সহ নগদ ধন লৈ যায় চোৰে।

আৰু পঢ়ক: চাৰ্ভিছ পিষ্টলেৰে নিজৰ মূৰত গুলিয়াই আত্মহত্যা…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/LzeIojG
via IFTTT

Comments