৩০ ছেপ্তেম্বৰত বজাৰলৈ আহি আছে মাৰুতি ছুজুকীৰ আটাইতকৈ কম দামৰ গাড়ীখন…

ডিজিটেল ডেস্কঃ পূজাৰ বতৰত গাড়ী কিনাৰ পৰিকল্পনা কৰি থকা সকলৰ বাবে মাৰুতি ছুজুকীয়ে আনিছে এটা ভাল খবৰ। চলিত বৰ্ষৰ অহা ৩০ চেপ্তেম্বৰত আগশাৰীৰ বাহন নিৰ্মাতা প্ৰতিষ্ঠান মাৰুতি ছুজুকীয়ে মুকলি কৰিব এখন নতুন বাহন। বাহনখনৰ নাম S-Presso। মুকলি হবলগা এই বাহনখনৰ ডিজাইন এছ ইউ ভি বাহনখনৰ সৈতে বহুখিনি সাদৃশ্য আছে। বজাৰত এই বাহনখনে Renault Kwid ৰ সৈতে প্ৰতিন্দন্দ্বিতাত নামিব বুলি আশা কৰা হৈছে।

मारुति सुजुकी, Maruti Suzuki, S Presso, Maruti S Presso, s presso suv, dimensions and features

S-Presso বাহনখনৰ BS-6 ইঞ্জিন সংস্থাপিত কৰা হৈছে, এনে ইঞ্জিনৰ স্থাপম কৰা মাৰুতি ছুজুকীৰ এইখনেই প্ৰথম বাহন। একাংশ সংবাদ মাধ্যমৰ মতে পেট্ৰলৰ লগতে চি এন জিৰ দ্বাৰা চালিত বাহনো কোম্পানীটোৱে মুকলি কৰাৰ সম্ভাৱনা আছে।

मारुति सुजुकी, Maruti Suzuki, S Presso, Maruti S Presso, s presso suv, dimensions and features

নতুনকৈ মুকলি হবলগা বাহনখনৰ মূল্য ৩.৭ লাখৰ পৰা ৪.৫ লাখৰ ভিতৰত হব বুলি জনা গৈছে। বাহন খনৰ ২৭ লিটাৰ লৈকে তেল ভৰোৱাৰ ক্ষমতাৰ লগতে এক লিটাৰ তেলে ২৩-২৪ কিঃমিঃ পথ অতিক্ৰম কৰিব পাৰিব। নতুন ডিজাইন লগতে বহুকেইটা সুবিধা উপলদ্ধ এই বাহনখনক লৈ আশাবাদী মাৰুতি-ছুজুকী।

The post ৩০ ছেপ্তেম্বৰত বজাৰলৈ আহি আছে মাৰুতি ছুজুকীৰ আটাইতকৈ কম দামৰ গাড়ীখন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2mJAC76
via IFTTT

Comments