নৃশংস! বাইকৰ পিছত বান্ধি ১৫ কিলোমিটাৰ পথ চোঁচৰাই যুৱকক হত্যা

ডিজিটেল ডেস্কঃ মটৰ চাইকেলৰ পিছত বান্ধি ১৫ কিলোমিটাৰ পথ চোঁচৰাই নিয়া হ’ল এজন যুৱকক। মুখমণ্ডল আৰু শৰীৰত দেখা গৈছিল গুলীৰ চিন। শৰীৰৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল বাঁওখন ভৰি। এই নৃশংস হত্যাকাণ্ড সংঘটিত হয় উত্তৰ প্ৰদেশৰ মিৰাটৰ হাপুৰ জিলাৰ ধীখেৰা নামৰ গাঁওখনত। মঙলবাৰে পুৱা এটা নিৰ্মীয়মান অট্টালিকাৰ সমীপত যুৱকজনৰ ক্ষত বিক্ষত মৃতদেহ প্ৰত্যক্ষ হোৱাৰ পিছতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।
এই নৃশংস হত্যাকাণ্ডৰ বলি হোৱা ২১ বছৰীয়া যুৱকজনৰ নাম মুকুল কুমাৰ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, যোৱা বছৰতে শিক্ষা সাং কৰি হাপুৰত মাতৃ আৰু ভাতৃৰ সৈতে থাকিবলৈ আৰম্ভ কৰিছিল মুকুলে। পৰিয়ালৰ সূত্ৰ অনুসৰি অত্যন্ত লাজুক স্বভাৱৰ মুকুলৰ কোনো শত্ৰু নাছিল। যাৰ বাবে যুৱকজনক কোনে এনেদৰে নিৰ্মমভাৱে হত্যা কৰিলে তাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
আনহাতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে এয়া লুটপাতজনিত হত্যাকাণ্ড নহয় বুলি মন্তব্য কৰিছে। আৰক্ষীয়ে সদৰী কৰা মতে, কোনো অচিনাক্ত দুৰ্বৃত্তই যুৱকজনৰ পৰা মূল্যবান সামগ্ৰী কাঢ়ি নিয়াৰ অভিপ্ৰায়েৰে এনে হত্যাকাণ্ড সংঘটিত কৰিলে যুৱকজনৰ বাইকখন এৰি থৈ নগ’লহেঁতেন। যুৱকজনৰে কোনো অসৎ বন্ধুৱে প্ৰতিশোধমূলকভাৱে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰি তুলিলেও এতিয়াও কোনো অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই।
The post নৃশংস! বাইকৰ পিছত বান্ধি ১৫ কিলোমিটাৰ পথ চোঁচৰাই যুৱকক হত্যা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2mKJqcH
via IFTTT
Comments
Post a Comment