ওৰাং ৰাষ্ট্ৰীয় উদ্যানত নিশা প্ৰচণ্ড গুলিয়াগুলী, নিহত চোৰাংচিকাৰী…

  • নিশা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত প্ৰচণ্ড গুলিয়াগুলী।
  • বনকৰ্মী-আৰক্ষীৰ দল আৰু প্ৰায় তিনিজনীয়া চোৰাং চিকাৰীৰ দলৰ মাজত এই গুলিয়াগুলী।
  • এই গুলিয়াগুলীত নিহত এজন চোৰাং চিকাৰী।
  • আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে বাকী কেইজনে।
  • চিকাৰীটোৰ বুকু-পেটত লাগে গুলী।.
  • নিশা উদ্যান খনৰ ভিতৰত গঁড় চিকাৰ কৰিবলৈ আহিছিল চোৰাং চিকাৰীৰ দলটোৱে।
  • উদ্যানখনত নিশা প্ৰায় ৩ বজাত বনকৰ্মী আৰু মঙলদৈ আৰক্ষীৰ যুটীয়া অভিযানত উদ্যানখনৰ বিলপাৰ বন-চকী এলেকাত চোৰাং চিকাৰীটোক গুলীয়াই হত্যা কৰে।
  • ঘটনাস্থলীত এটা ৰাইফল আৰু পাঁচ জাঁই সজীৱ গুলী উদ্ধাৰ হয়।
  • মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
  • নিহত চোৰাং চিকাৰী জনক এতিয়ালৈ চিনাক্ত হোৱা নাই।

The post ওৰাং ৰাষ্ট্ৰীয় উদ্যানত নিশা প্ৰচণ্ড গুলিয়াগুলী, নিহত চোৰাংচিকাৰী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2o3xkfl
via IFTTT

Comments