‘কালিয়া’ক মনত আছেনে! সোমবাৰে মৃত্যু হ’ল শিল্পীগৰাকীৰ…

ডিজিটেল ডেস্কঃ বিখ্যাত হিন্দী আৰু মাৰাঠী ছবিৰ অভিনেতা বিজু খোটে আৰু নাই। সোমবাৰে মৃত্যু হয় শিল্পীগৰাকীৰ। ‘শ্বোলে’ত তেওঁ অভিনয় কৰা কালিয়া চৰিত্ৰটোৰ বাবে বিশেষ সমাদৰ লাভ কৰিছিল। ইফালে ছলমানখানৰ ছবি ‘আন্দাজ অপনা অপনা’ত ৰবাৰ্টৰ চৰিত্ৰত অভিনয় কৰিছিল তেওঁ।
মুম্বাইৰ নিজ বাসগৃহত পুৱা ৬.৫৫ বজাত মৃত্যু হয় শিল্পীগৰাকীৰ। দীৰ্ঘদিন ধৰি তেওঁ শাৰিৰীক অসুস্থতাত ভুগি আছিল। ইফালে অভিনেতাগৰাকীৰ শৰীৰৰ কেইবাটাও অংগ বেয়া হৈ হোৱা বুলি জানিব পৰা গৈছে।
অভিনেতাগৰাকীৰ সম্পৰ্কীয় ভাৱনা বালসাবাৰে জানিবলৈ দিয়া মতে, বিজু খোটেয়ে হাস্পতালত মৃত্যু হ’ব বিচৰা নাছিল। যাৰ বাবে তেওঁক পৰিয়ালৰ লোকে ঘৰলৈ লৈ আহিছিল। ‘কয়ামত ছে কয়ামত টক’, ‘ভেন্টিলেটৰ’ ইত্যাদি ছবিৰ বাবে তেওঁ সকলোৰে মাজত চিনাকি আছিল।
ইফালে প্ৰায় ৬ দশক জুৰি অভিনয়েৰে জড়িত খোটেয়ে ৩০০ৰো অধিক ছবিত অভিনয় কৰিছে। তেওঁৰ মৃত্যু খবৰ পাই বহুলোকে শোক প্ৰকাশ কৰিছে।
The post ‘কালিয়া’ক মনত আছেনে! সোমবাৰে মৃত্যু হ’ল শিল্পীগৰাকীৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2mYFVzz
via IFTTT
Comments
Post a Comment