এমাহ নৌহওঁতেই বেয়া হ’ল চৌদি আৰৱৰ ৰজাই ইমৰান খানক উপহাৰ দিয়া জেট বিমান…

ডিজিটেল ডেস্কঃ পানীত হাঁহ নচৰা অৱস্থা হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ! যোৱা শনিবাৰে আমেৰিকাৰ পৰা এখন বাণিজ্যিক বিমানেৰে আহি নিজ দেশ পালেহি প্ৰধানমন্ত্ৰীজন। বিগত কেইটামান দিন আমেৰিকাতে থকা ইমৰান খানে আমেৰিকালৈ বুলি যাওতে ব্যক্তিগত বিমানেৰেই গৈছিল যদিও উভতিব লগা হল এখন বাণিজ্যিক বিমানত।

দৰাচলতে আমেৰিকা নিৰ্উয়ক বিমান বন্দৰৰ পৰা যোৱা শনিবাৰে প্ৰধানমন্ত্ৰীজন ব্যক্তিগত বিমানেৰে স্বদেশলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিল যদিও বিমানখনৰ যান্ত্ৰিক বিজুতিৰ বাবে পুনৰ জৰুৰীকালীন অৱতৰণ কৰিব লগা হয়।

ইয়াৰ পিচতে প্ৰধানমন্ত্ৰী ইমৰান খান আৰু পাকিস্তান বৈদেশিক মন্ত্ৰীজন সাধাৰণ যাত্ৰীৰ দৰে এখন বাণিজ্যিক বিমানতে যাত্ৰা কৰে। উল্লেখ্য যে, পাক প্ৰধানমন্ত্ৰী ইমৰান খানে ব্যৱহাৰ কৰা জেট বিমানখন চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত উপহাৰ দিছিল চাওদী আৰৱৰ ৰজা মহম্মদ বিন চলমানে।
The post এমাহ নৌহওঁতেই বেয়া হ’ল চৌদি আৰৱৰ ৰজাই ইমৰান খানক উপহাৰ দিয়া জেট বিমান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2mJ94yA
via IFTTT
Comments
Post a Comment