বিহাৰত নক্সালবাদীৰ সন্ত্ৰাস, জ্বলাই দিলে পথ নিৰ্মাণত ব্যৱহৃত জেচিবিসহ অন্যান্য বাহন…

- বিহাৰত নক্সালবাদীৰ সন্ত্ৰাস।
- বৃহস্পতিবাৰে নিশা নক্সালবাদীয়ে অগ্নিসংযোগ কৰিলে এখন জেচিবিসহ কেইবাখনো বাহনত।
- গয়াৰ চক্ৰবন্ধত সংঘটিত হয় এই ঘটনা।
- এটা পথ নিৰ্মাণত ব্যৱহৃত হৈছিল জেচিবিসহ বাহনকেইখন।

- পথৰ দাঁতিত ৰখাই থোৱা অৱস্থাতে বাহন কেইখনত অগ্নিসংযোগ কৰে নক্সালবাদীয়ে।
- ফলত বিস্তৰ ক্ষতিসাধন হয় বাহন কেইখনৰ।
- ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

- উল্লেখ্য যে, কিছুদিন পূৰ্বে একেটা স্থানতে নক্সালবাদীয়ে জ্বলাই দিছিল এখন চাৰিচকীয়া আৰু দুখন দুচকীয়া বাহন।
The post বিহাৰত নক্সালবাদীৰ সন্ত্ৰাস, জ্বলাই দিলে পথ নিৰ্মাণত ব্যৱহৃত জেচিবিসহ অন্যান্য বাহন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2nHMEht
via IFTTT
Comments
Post a Comment