শিলচৰৰ ৰাধামাধৱ ৰোডত যুৱকৰ মৃতদেহ উদ্ধাৰ, প্ৰেমজনিত কাৰনত হত্যাৰ সন্দেহ পৰিয়ালৰ…

ডিজিটেল সংবাদ, শিলচৰঃ দেওবাৰে পুৱাই শিলচৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শিলচৰ ৰাধামাধৱ ৰোডত ষ্টেট বেংকৰ সন্মুখত পথৰ ওপৰত পৰি থকাৱস্হাত যুৱক জনৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷

হাফপেন্ট আৰু স্পৰ্টিং পৰিহিত যুৱক জনৰ মৃতদেহত কিছু আঘাতৰ চিন স্পষ্ট ৷ মৃতদেহৰ কাষত এখন বাইকো উদ্ধাৰ হৈছে ৷ বাইক খনৰ নম্বৰ AS11L 4275. প্ৰায় 30 বছৰ বয়সৰ যুৱক জনৰ নাম সুদীপ দেৱ ৷ সুদীপৰ ঘৰ শিলচৰৰ দাস কলনিৰ উত্তৰআয়ন কমপ্লেক্সত ৷

ইফালে, খবৰ পোৱাৰ পিচত পৰিয়ালৰ লোক ঘটনাস্হলীত উপস্থিত হৈ মৃতদেহ চিকিৎসালয়লৈ লৈ যায় ৷এজনী যুৱতীৰ সৈতে থকা প্ৰেম জনিত কাৰনত সুদীপক হত্যা কৰা বুলি দাবী কৰিছে পৰিয়ালৰ লোকে ৷ ইফালে, খবৰ পাই ঘটনাস্হলীত আৰক্ষী উপস্থিত হয় ৷ পুৱতি নিশা সুদীপৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ এতিয়ালৈ থানাত কোনো গোচৰ ৰুজু কৰা নাই পৰিয়ালৰ লোকে ৷

The post শিলচৰৰ ৰাধামাধৱ ৰোডত যুৱকৰ মৃতদেহ উদ্ধাৰ, প্ৰেমজনিত কাৰনত হত্যাৰ সন্দেহ পৰিয়ালৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2nxGPDi
via IFTTT

Comments