বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত নৱাগত আদৰণি আৰু ফাতেহা ই দোৱাজ দহম উদযাপন…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ অগ্ৰনী উচ্চ শিক্ষাৰ অনুষ্ঠান বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত যোৱা ২৪ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা নৱাগত আদৰণি আৰু ফাতেহা ই দোৱাজ দহম অনুষ্ঠানটি আজি ২৬ ছেপ্তেম্বৰত সামৰণি পৰে।
কাৰ্যসূচী অনুসৰি ২৪ ছেপ্তেম্বৰৰ পুৱা ৮ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ হবিবুৰ ৰহমানে, ৮.৩০ বজাত স্মৃতিচাৰণ, ৯ বজাত সমন্বয় যাত্ৰাৰ শুভাৰম্ভণি কৰে অধ্যাপিকা বীণা কলিতাই, ১০ বজাত ফিট ইণ্ডিয়া মুভমেণ্টৰ কাৰ্যসূচী, ১১ বজাত মঞ্চ উদ্বোধন আৰু বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিচালনা কৰে. শ্বৰিফুল ইছলাম আৰু ভাস্কৰ জ্যোতি বৰাই, ২ বজাত মহাবিদ্যালয় ছাত্ৰী সকলৰ মাজত সৌন্দৰ্য্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।
২৫ ছেপ্তেম্বৰৰ পুৱা ৯ বজাত চাফাই অভিযান, ৯.৩০ বজাত ন পুৰণি ছাত্ৰ ছাত্ৰীৰ সন্মিলন, ১১ বজাত মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাই। ১১.৩০ বজাত এখনি আকৰ্ষণীয় ডিজিটেল কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে দিব্যজ্যোতি বৰুৱাই।
ইয়াৰ পাছতে দুপৰীয়া ১ বজাত মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাৰ সভাপতিত্বত তথা শ্বৰিফুল ইছলামে আঁত ধৰা নৱাগত আদৰণি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ বৰকাকতিয়ে শিক্ষাৰ প্ৰয়োজনীয়তা উপৰত এক মনোজ্ঞ ভাষন প্ৰদান কৰে। আজি ২৬ ছেপ্তেম্বৰত কোৰান পাঠ, গজল পৰিবেশন, জিকিৰ জাৰি, ৰচনা প্ৰতিযোগিতা, মুকলি সভা আদি বিভিন্ন কাৰ্য্যসূচীৰ মাজেৰে মহাবিদ্যালয় খনিত ফাতেহা ই দোৱাজ দহম অনুষ্ঠানটি অনুষ্ঠিত হয়।
The post বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত নৱাগত আদৰণি আৰু ফাতেহা ই দোৱাজ দহম উদযাপন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2napzU9
via IFTTT
Comments
Post a Comment