উত্তৰ প্ৰদেশ-বিহাৰত প্ৰবল বৰষুণৰ সংহাৰ, ৮০ৰো অধিক জনৰ মৃত্যু

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ আৰু বিহাৰত বিগত কেইবাদিন ধৰি দি থকা ধাৰাসাৰ বৰষুণে স্বাভাৱিক জীৱন ব্যহত কৰি তুলিছে। ৰাজ্য দুখনৰ বহু অঞ্চল কৃত্ৰিম বানত বুৰ যোৱাৰ উপৰিও বৰষুণৰ বাবে বাতিল কৰিব লগা হৈছে ৰে’ল সেৱা পৰ্যন্ত। বতৰ বিভাগে জাৰি কৰা জাননী অনুসৰি আগন্তুক কিছু দিনলৈ ৰাজ্যখনত ধাৰাসাৰ বৰষুণৰ সম্ভৱনা আছে।

ইফালে বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ কবলত পৰি আৰু বৰষুণৰ বাবে পকী ৱাল, বাসগৃহ ভাগি পৰি এতিয়ালৈকে উত্তৰ প্ৰদেশ আৰু বিহাৰত ৮০ ৰো অধিক লোকৰ মৃত্যু হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। বিহাৰৰ ৰাজধানী পাটনাত বৰষুণৰ ফলত সৃষ্টি হোৱা বানে সাধাৰণ নাগৰিকক এক সংকটজনক অৱস্থালৈ ঠেলি দিছে।

Image result for rain in bihar

উত্তৰ প্ৰদেশ চৰকাৰে সদৰী কৰা মতে, বিগত ৪ দিনৰ ভিতৰতে ৰাজ্যখনত বৰষুণৰ ফলত সংঘটিত বিভিন্ন দুৰ্ঘটনা, যেনে- পকী ৱাল খহি পৰা, মাটিৰ ঘৰ বাগৰি পৰা, সাপে খুঁটা আদিৰ ফলত ৭৩ জনৰ মৃত্যু ঘটিছে। ৰাজ্যখনৰ প্ৰয়াগৰাজকে ধৰি কেইবাখনো জিলা বানত বুৰ গৈছে। যাৰ ফলত বহু লোক আহত হোৱা বুলিও জানিব পৰা গৈছে।

Image result for rain in bihar

অন্যহাতে শুকুৰবাৰৰ পৰা বিহাৰত হোৱা ধাৰাসাৰ বৰষুণে ৰাজ্যখনৰ স্বাভাৱিক জীৱন ব্যাহত কৰি তোলাৰ উপৰিও প্ৰাণ কাঢ়িছে বহু কেইজনৰ। আনকি নালন্দা মেডিকেল কলেজ হাস্পতাল আৰু গৰ্দনীবাগ হাস্পতালখনো পানীত বুৰ যোৱাত ৰোগী সকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। শনিবাৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ভিডিঅ’ কনফাৰেন্সযোগে কেইবাখনো জিলাৰ শীৰ্ষ বিষয়াৰ সৈতে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লয় আৰু দুৰ্গতসকলক সাহায্য প্ৰদানৰ নিৰ্দেশ দিয়ে।

The post উত্তৰ প্ৰদেশ-বিহাৰত প্ৰবল বৰষুণৰ সংহাৰ, ৮০ৰো অধিক জনৰ মৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2o9SAQq
via IFTTT

Comments