অবিশ্বাস্য! অস্ত্ৰোপচাৰৰ সময়ত কিশোৰীৰ পেটৰ পৰা ওলাল ১ কেজি ওজনৰ চুলিৰ প্ৰকাণ্ড লাড়ু…

ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ পূব বৰ্ধমানৰ মাধবডিহি থানাৰ তৈৰালাত এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ পেটৰ পৰা অস্ত্ৰোপচাৰ সময়ত চুলিৰ এক প্ৰকাণ্ড লাড়ু উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। জানিব পৰা মতে, দীৰ্ঘ দিন ধৰি পেটৰ বিষত আক্ৰান্ত হৈ থকা কিশোৰীগৰাকীক কলকতা মেডিকেল কলেজত ভৰ্তি কৰা হৈছিল। চিকিৎসায়লত চিকিৎসকে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত পেটত এটা প্ৰকাণ্ড লাড়ু প্ৰত্যক্ষ কৰি অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লয়।
চিকিৎসক সুমন সাহাৰ নেতৃত্বত ৬জনীয়া চিকিৎসকৰ দল এটাই চলোৱা অস্ত্ৰোপচাৰত কিশোৰীগৰাকীৰ পেটৰ পৰা প্ৰায় ১ কেজি ওজনৰ এটা চুলিৰ লাড়ু বাহিৰ হয়। এই অবিশ্বাস্য ঘটনাক কেন্দ্ৰ কৰি এতিয়া আশ্বৰ্য্য প্ৰকাশ কৰিছে সকলোৱে।
কিশোৰীগৰাকীৰ পৰিয়ালৰ এক সূত্ৰই জানিবলৈ দিয়া মতে যোৱা প্ৰায় ৩ বছৰ ধৰি কিশোৰীগৰাকীয়ে চুলি খাই আহিছিল। কিশোৰীগৰাকীৰ এনে অদ্ভূত অভ্যাসক চিকিৎসকৰ ভাষাত ৰেপুনজেল চিনড্ৰ’ম বুলি কোৱা হয়। আনহাতে মানুহৰ পেটৰ পৰা এনে বিশাল চুলিৰ লাড়ু উদ্ধাৰ হোৱা ঘটনা এয়া ভাৰতবৰ্ষত ৪৩ তম ঘটনা বুলি মন্তব্য কৰিছে চিকিৎসকে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে লুধিয়ানাৰ মহাবীৰ অসামৰিক চিকিৎসালয়ত এগৰাকী যুৱতীৰ পাকস্থলীৰ পৰা এটা প্ৰকাণ্ড চুলিৰ লাড়ু উদ্ধাৰ কৰিছিল চিকিৎসকৰে। ২০১৭ চনত মুম্বাইৰ এগৰাকী মহিলাৰ পেটৰ পৰা ৭৫০ গ্ৰাম ওজনৰ এটা চুলিৰ লাড়ু অস্ত্ৰোপচাৰৰ সময়ত উদ্ধাৰ হৈছিল। মধ্যপ্ৰদেশতো এগৰাকী মহিলাৰ পেটৰ পৰা ১.৫ কেজি ওজনৰ চুলিৰ ‘বল’ উদ্ধাৰ হোৱাৰ নজিৰ আছে।
The post অবিশ্বাস্য! অস্ত্ৰোপচাৰৰ সময়ত কিশোৰীৰ পেটৰ পৰা ওলাল ১ কেজি ওজনৰ চুলিৰ প্ৰকাণ্ড লাড়ু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2oingiH
via IFTTT
Comments
Post a Comment