ইমৰান খানে কোৱা প্ৰতিটো কথা মিছাঃ বিদেশ মন্ত্ৰালয়ৰ সচিব বিদিশা মৈত্ৰা…

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিবেশনত পাকিস্তানক সমালোচনা কৰি ভাৰতৰ তৰফৰ বিদেশ মন্ত্ৰালয়ৰ সচিব বিদিশা মৈত্ৰাই কয়- ‘ইমৰান খানৰ ভাষণ আক্ৰোশমূলক আৰু তেওঁ কোৱা প্ৰতিটো কথা মিছা। তেওঁৰ ভাষণ সম্পূৰ্ণ হিংসাৰে ভৰি আছিল।’
বিদিশা মৈত্ৰাই লগতে কয়- ‘পাকিস্তানে ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিবেশনৰ মঞ্চখনৰ অপব্যৱহাৰ কৰিছে। পাকিস্তান সংখ্যালঘু শ্ৰেণীৰ লোকৰ অৱস্থা একেবাৰেই বেয়া। আৰু তেওঁলোকৰ ওপৰত অত্যাচাৰ চলাই থকা হৈছে।মানৱ অধিকাৰৰ কথা কোৱা পাকিস্তানে প্ৰথমে নিজৰ দেশৰ সংখ্যালঘু শ্ৰেণীৰ লোকসকলৰ বিষয়ে ভাবিব লাগে। আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদক পাকিস্তানে পেঞ্চন দিয়ে। গতিকে তেওঁলোকৰ পৰা মানৱ অধিকাৰৰ বিষয়ে উপদেশ লোৱাৰ প্ৰয়োজন নাই।’
উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিবেশনত প্ৰায় ৫০ মিনিট সময় ভাষণ দিছিল পাক প্ৰধানমন্ত্ৰী ইমৰান খানে। পাৰমাণৱিক যুদ্ধৰ লগতে ভাষণৰ আধা অংশ কাশ্মীৰ আৰু ভাৰতৰ সন্দৰ্ভতে কয়। ভাৰতে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে উত্থাপন কৰা প্ৰতিটো অভিযোগৰ উত্তৰ দিয়ে।
The post ইমৰান খানে কোৱা প্ৰতিটো কথা মিছাঃ বিদেশ মন্ত্ৰালয়ৰ সচিব বিদিশা মৈত্ৰা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2o0U2Vf
via IFTTT
Comments
Post a Comment