প্ৰৱল বৃষ্টিপাতঃ পুণেত বানৰ সন্ত্ৰাস, নিহত ৭…

ডিজিটেল ডেস্কঃ প্ৰৱল বৃষ্টিপাতৰ ফলত মহাৰাষ্ট্ৰৰ পুণেত বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ধাৰাবাহিক বৃ্ষ্টিপাতৰ ফলত পু্ণেৰ অধিকাংশই এতিয়া পানীৰ তলত। বানপানীৰ ফলত বৰ্তমানৰ লৈকে নিহত হৈছে ৭ জনকৈ লোক।
ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই পুণেত জাৰি কৰিছে হাই এৰ্লাট। প্ৰশাসনেও বৃহস্পতিবাৰে সকলো স্কুল-কলেজ বন্ধ ঘোষণা কৰিছে। বান পীড়িত লোকসকলক সহায়ৰ বাবে সাজু কৰি ৰখা হৈছে এন ডি আৰ এফৰ ৩ টাকৈ দল। উল্লেখ্যে যে, বুধবাৰে নিশা নেৰানেপেৰা বৰষুণৰ ফলতে পুণেত বানে অধিক বিধ্বংসী ৰূপ ধাৰণ কৰিছে।
The post প্ৰৱল বৃষ্টিপাতঃ পুণেত বানৰ সন্ত্ৰাস, নিহত ৭… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ldVhiS
via IFTTT
Comments
Post a Comment