স্বচ্ছ ভাৰত অভিযানৰ বাবে প্ৰধানমন্ত্ৰী মোডীলৈ আগবঢ়োৱা হ’ল ‘গ্ল’বেল গ’লকীপাৰ্ছ’ পুৰস্কাৰ…

ডিজিটেল ডেস্কঃ স্বচ্ছ ভাৰত অভিযানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ আগবঢ়োৱা হৈছে এক বিশেষ সন্মান। বিল এণ্ড মিলিণ্ডা গেটছ ফাউণ্ডেশ্যনে প্ৰধানমন্ত্ৰী মোডীলৈ আগবঢ়াইছে ‘গ্ল’বেল গ’লগীপাৰ্ছ’ পুৰস্কাৰ। বিশ্বৰ আটাইতকৈ ধনী লোকৰ ভিতৰত অন্যতম বিল গেটছেই প্ৰধানমন্ত্ৰী মোডীক প্ৰদান কৰিলে এই সন্মান।

প্ৰধানমন্ত্ৰী মোডীয়ে এই সন্মান গ্ৰহণ কৰি কয়- ‘মই এই সন্মান উৎসৰ্গা কৰিছে প্ৰতিজন ভাৰতীয়লৈ। তেওঁলোকে এই স্বচ্ছ ভাৰত অভিযানক এক জন আন্দোলনত পৰিণত কৰিছে।’ লগতে তেওঁ কয়- ‘ভাৰতত বৰ্তমান এনেধৰণৰ বহু জন আন্দোলন চলি আছে। মোৰ সম্পূৰ্ণ বিশ্বাস আছে ১৩০ কোটি ভাৰতীয়ৰ ওপৰত। মোৰ বিশ্বাস যে, স্বচ্ছ ভাৰত অভিযানৰ দৰে আনবোৰ অভিযানো সফল হ’ব।’

The post স্বচ্ছ ভাৰত অভিযানৰ বাবে প্ৰধানমন্ত্ৰী মোডীলৈ আগবঢ়োৱা হ’ল ‘গ্ল’বেল গ’লকীপাৰ্ছ’ পুৰস্কাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2lo4ohe
via IFTTT

Comments