আফগানিস্তানত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ…

ডিজিটেল ডেস্কঃ আফগানিস্তানত পুৱাই আৰম্ভ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ। সন্ত্ৰাসজৰ্জৰ আফগানিস্তানত ভোটদান কৰাৰ বাবে ৯ মিলিয়নতকৈও অধিক লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে। ভোটগ্ৰহণৰ মাজতে তালিবানৰ আক্ৰমণৰ আশংকা কৰা হৈছে ভোটগ্ৰহণ কেন্দ্ৰসমূহত।

প্ৰায় ১০ হেজাৰ আফগানিস্তানৰ নিৰাপত্তা বাহিনীৰ দ্বাৰা ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিৰাপত্তা নিশ্চিত কৰা হৈছে। তালিবানে যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিছে নিৰাপত্তা বাহিনীয়ে। ইফালে সন্ত্ৰাসবাদী গোটে ভোটাৰসকলক নিৰ্বাচন বৰ্জন বাবে নিৰ্দেশ দিছিল যদিও ভোটদানৰ বাবে সকলো লোককে ওলাই অহা দেখিবলৈ পোৱা গৈছে।

The post আফগানিস্তানত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2lJmNoC
via IFTTT

Comments