আজৱ শিক্ষক! মাহত ৩-৪ দিন বিদ্যালয়লৈ গ’লেও উপস্থিতিৰ বহীত থাকে ১০০ শতাংশ…

ডিজিটেল সংবাদ, কামপুৰঃ মূৰৰ পৰা গেলিছে ৰাজ্যৰ শিক্ষা বিভাগ৷ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই তেওঁৰ বিভাগটোক যিমানেই উন্নত হোৱা বুলি মন্তব্য নকৰক কিয়, একাংশ চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ মইমতালিয়ে পাৰ কৰিছে চৰম সীমা৷ মাহটোৰ ভিতৰত ৩/৪ দিনহে বিদ্যালয়ত উপস্থিত থাকে শিক্ষক।
শিক্ষকৰ মইমতালিৰে চলিছে ৰহা সমষ্টিৰ পদুমনী কলনী মোক্তাৱ বিদ্যালয়। প্ৰধান শিক্ষকগৰাকীৰ মতে বিদ্যালয়ৰ উপস্থিতি বহীত তেঁওৰ উপস্থিতিৰ হাৰ এশ শতাংশ। কিন্তু ৰাইজৰ মতে বিদ্যালয়ত হেনো মাহত ৪/৫ দিনহে উপস্থিত থাকে শিক্ষকগৰাকী। যোৱা ১৮ তাৰিখে তেওঁ হেনো গাড়ী নোপোৱাত বিদ্যালয়ত আহি উপস্থিত হ’ব নোৱাৰিলে কিন্তু পঞ্জীয়ন বহীত আছে তেওঁৰ উপস্থিতিৰ চহী।
স্থানীয় ৰাইজৰ অভিযোগ প্ৰধান শিক্ষকজন বিদ্যালয়ত উপস্থিত নোহোৱাৰ বাবে স্থানীয় ৰাইজে চিআৰচি জনক এই বিষয়ে কেইবাবাৰো জনোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। এতিয়া মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰধান শিক্ষকজনৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয়।
The post আজৱ শিক্ষক! মাহত ৩-৪ দিন বিদ্যালয়লৈ গ’লেও উপস্থিতিৰ বহীত থাকে ১০০ শতাংশ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2lnTIiC
via IFTTT
Comments
Post a Comment