টংলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস, অসমীয়া সাহিত্য জগতলৈ টংলাৰ অৱদান অতুলনীয়-ড° ৰামচন্দ্ৰ ডেকা

ডিজিটেল সংবাদ, টংলাঃ অসমীয়া সাহিত্য জগতলৈ টংলাৰ বহু কেইগৰাকী লেখক-লেখিকাই নিজৰ সৃষ্টি কৰ্মৰে অতুলনীয় অৱদান আগবঢ়াই সাহিত্যৰ ভঁৰাল চহকী কৰিছে ৷ সেয়া সচাঁকৈয়ে প্ৰশংসনীয় ৷ বিশিষ্ট সাহিত্যিক ড° অৰূপা পটংগীয়া কলিতা, গল্পকাৰ মনোৰমা দাস মেধি, জয়ন্ত কুুমাৰ চক্ৰৱৰ্তী আদিয়ে টংলাক গৌৰন্বাৱিত কৰি তুলিছে ৷ আনকি দৰং জিলা সাহিত্য সভাও টংলাতে সৃষ্টি হৈছিল ৷ এই মন্তব্য দৰং জিলা সাহিত্য সভাৰ সভাপতি ড° ৰামচন্দ্ৰ ডেকাৰ ৷ অসম সাহিত্য সভাৰ শতদল শাখা ওদালগুৰি জিলাৰ টংলা সাহিত্য সভাই ২৮ ছেপ্তেম্বৰত টংলা সাহিত্য সভা ভৱনত অনুষ্ঠিত কৰা ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি ড° ৰামচন্দ্ৰ ডেকাই টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা টংলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ঘনকান্ত ডেকাৰ গ্ৰন্থ উন্মোচন কৰি এইদৰে কয় ৷
টংলা সাহিত্য সভাৰ সভাপতি আদিত চন্দ্ৰ কলিতাই পুৱা সাহিত্য সভাৰ পতাকা উত্তোলনৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী মুকলি কৰাৰ পিছতে স্মৃতি তৰ্পণ কৰে টংলা সাহিত্য সভাৰ যুটীয়া প্ৰতিষ্ঠাপক সম্পাদক ৰমাকান্ত বৰুৱাই ৷ হেমন্ত বৰুৱাৰ সম্পাদনাত প্ৰকাশিত প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে টংলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দ্বীনবন্ধু ডেকাই ৷
সমবেত কন্ঠত পৰিবেশন কৰা “চিৰ চেনেহি মোৰ ভাষা জননী” গীতেৰে শুভাৰম্ভ কৰা মুকলি সভা উদ্বোধন কৰি টংলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৱীন চন্দ্ৰ বেজবৰুৱাই টংলা সাহিত্য সভাৰ প্ৰতিষ্ঠাৰ লগতে টংলা সাহিত্য সভাৰ মাটি আৱন্টন, ভৱন নিৰ্মাণ আদি বিষয়ত আলোকপাত কৰি টংলা সাহিত্য সভাৰ উত্তৰণত জড়িত আনসকলৰ লগতে সাহিত্য সভাৰ পকী ভৱন নিৰ্মাণত বিধায়ক পুঁজিৰ পৰা অৰ্থ সাহায্য আগবঢ়োৱা পানেৰী সমষ্টিৰ বিধায়িকা কমলী বসুমতাৰীৰ সদ্হৃদয়তাৰ শলাগ লয় ৷
সম্পাদক শিৱ প্ৰসাদ হাজৰিকাই আঁত ধৰা আৰু আদিত চন্দ্ৰ কলিতাৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভা আৰু গ্ৰন্থ উন্মোচনীত টংলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা টংলা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ঘনকান্ত ডেকাই বাস্তৱ জীৱনৰ অভিজ্ঞতাৰে হতাশাগ্ৰস্ত মানুহক উৎসাহিত কৰিব পৰা বিষয়-বস্তু সন্নিৱিষ্ট কৰি ৰচনা কৰা ’অনুপ্ৰেৰণা’ আৰু সমাজত দেখি অহা পৰিবেশে হৃদয়ক আন্দোলিত কৰা বিষয়ৰে ৰচনা কৰা কবিতা পুথি ’সেউজীয়া পৃথিৱী’ নামৰ গ্ৰন্থ দুখন উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি ড° ৰামচন্দ্ৰ ডেকা আৰু ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি দেৱৰাজ সাপকোটাই ৷
দেৱৰাজ সাপকোটাই গ্ৰন্থ উন্মোচন কৰি টংলাৰ মাটি-পানী-বতাহে সাহিত্য সৃষ্টিত অনুপ্ৰেৰণা যোগাইছে বুলি মন্তব্য কৰি শতদল শাখাৰ স্বীকৃতিপ্ৰাপ্ত টংলা সাহিত্য সভাক যুৱ প্ৰজন্মৰ মাজত সাহিত্য সৃষ্টিৰ উদ্যোগ লোৱাৰ আহ্বান জনায় ৷ লেখক ঘনকান্ত ডেকাই নিজৰ বক্তব্যত বিশেষ শিক্ষা-দীক্ষা নথকা পিতৃ-মাতৃয়ে অশেষ কষ্টেৰে শিক্ষাগ্ৰহণৰ বাবে আগবঢ়াই দিয়াৰ বাবেই তেওঁ আজি সমাজত প্ৰতিষ্ঠিত হোৱা বুলি উনুকিয়াই পিতৃ-মাতৃৰ লগতে পৰিয়ালবৰ্গ আৰু সাহিত্য সৃষ্টিত অনুপ্ৰেৰণা যোগোৱা সকললৈ আৱেগিকভাৱে কৃতজ্ঞতা জনায় ৷
সভাত কবি বিপুল কলিতা আৰু প্ৰসন্ন শইকীয়াই স্বৰচিত কবিতা পাঠ, প্ৰাঞ্জল প্ৰতিম বৰুৱা, লোহিত ৰাভা, দীপিকা ঠাকুৰীয়া বৰুৱাই গীত পৰিবেশন কৰি ৰাইজক আপ্লুত কৰে ৷ সভাত সাহিত্য সভাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে পুনুৰাম কলিতা, ধৰণীধৰ মেধি, প্ৰাক্তন সদস্য ঘটেশ্বৰ বৰুৱা, দৰং জিলা সাহিত্য সভাৰ সম্পাদক মুকুট হাজৰিকা, টংলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ক্ৰমে হৰকান্ত চহৰীয়া, লোকেশ্বৰ ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষক ৰমনীকান্ত চহৰীয়া, হৰেশ্বৰ কলিতা, নীলধৰ ডেকা, জিলা সাহিত্য সভাৰ সভাপতি গৌৰীশংকৰ দাস, অসম সাহিত্য সভাৰ মংগলচণ্ডী ব্ৰহ্ম ভাষা শিক্ষা গৱেষণা প্ৰতিষ্ঠান আৰু অৱৰোক্ষণ উপ সমিতিৰ আহ্বায়ক অখিল কলিতা আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
The post টংলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস, অসমীয়া সাহিত্য জগতলৈ টংলাৰ অৱদান অতুলনীয়-ড° ৰামচন্দ্ৰ ডেকা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ogwFqX
via IFTTT
Comments
Post a Comment