শোচনীয় BSNLৰ অৱস্থা! প্ৰধানমন্ত্ৰী কাৰ্যালয়ত বৈঠক…

ডিজিটেল ডেস্কঃ অৰ্থনৈতিক সংকটৰে যুজিঁ থকা দেশৰ সাৰ্বজনীক টেলিকম প্ৰতিষ্ঠান ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বি এছ এন এলক পুণৰুদ্ধাৰ কৰিব ভাৰত চৰকাৰে। বিগত বিভিন্ন সময়ত এই টেলিকম প্ৰতিষ্ঠানটোক লৈ চৰকাৰে বিভিন্ন কাৰ্যপন্থা ঘোষণা কৰিছে যদিও কোনো সুফল পোৱা নাই চৰকাৰে। প্ৰতিষ্ঠানটোৰ সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰিবলৈ যোৱা বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়।
এই বৈঠকতে বি এছ এন এলৰ বিভিন্ন প্লেনৰ সম্পৰ্কে আলোচনা কৰাৰ লগতে প্ৰতিষ্ঠানটোক পুনৰ ঠন ধৰাই তুলিবৰ বাবে বিভিন্ন আচঁনিৰ সম্পৰ্কতো আলোচনা কৰা হয়। বৈঠকখনক অধ্যক্ষতা কৰে মুখ্য সচিব পি কে মিশ্ৰাই। এক সূত্ৰৰ খবৰ অনুসৰি বৈঠকতে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলৰ বাবে আকৰ্ষণীয় বি আৰ এছ প্লেনৰ সন্দৰ্ভতো আলোচনা কৰা হৈছে।
উল্লেখ্য যে, বিগত কিছু মাহৰ পৰা এই প্ৰতিষ্ঠানটোৰ অৰ্থনৈতিক অৱস্থা অতি শোচনীয় হৈ পৰিছে। প্ৰতিষ্ঠানটোত কৰ্মৰত কৰ্মচাৰী সকলক দৰমহা প্ৰদানতো অসুবিধাৰ সন্মুখীন হৈছে প্ৰতিষ্ঠানটো।
The post শোচনীয় BSNLৰ অৱস্থা! প্ৰধানমন্ত্ৰী কাৰ্যালয়ত বৈঠক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2m1P9uG
via IFTTT
Comments
Post a Comment