পুৱাই ওদালগুৰিত ডেৰ শতাধিক সেনা-আৰক্ষীৰ দৌৰ, কিন্তু কিয়… VIDEO

ডিজিটেল সংবাদ, ওদালগুৰিঃ পুৱাই ওদালগুৰিৰ ৰাজপথত দৌৰিলে ডেৰ শতাধিক আৰক্ষী, সেনা জোৱানৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে। ওদালগুৰি চহৰৰ মাজমজিয়াৰ শ্বহীদ বেদী প্ৰাঙ্গণত পুৱাই এই দৌৰত ভাগ লবলৈ উপস্থিত হয় এইসকল অংশগ্ৰহণকাৰী। জানিব পৰা মতে শুকুৰবাৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শ‌ইকীয়াই ৰাজ্যৰ সমূহ শীৰ্ষ আৰক্ষী বিষয়া তথা জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলক লৈ এক ভিডিঅ’ কনফাৰেঞ্চ অনুষ্ঠিত কৰি ৰাজ্যৰ নিৰাপত্তা দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে আৰক্ষী বিভাগটোৰ বিষয়া, জোৱানসকলক সৎ আৰু নিষ্ঠাৰে কাৰ্যসম্পাদন কৰি যাবলৈ আহ্বান জনাইছিল।

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ এই আহ্বানৰ পাছতে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো ১ অক্টোবৰত ৰাজ্যজুৰি উলহ মালহেৰে পালন কৰা হ’ব অসম আৰক্ষী দিৱস। ওদালগুৰিতো এইবেলি দুদিনীয়া কাৰ্যসূচীৰে সোমবাৰৰে পৰা আৰম্ভ হৈছে এই আৰক্ষী দিৱসৰ কাৰ্যসূচী। এই দিৱস উপলক্ষে সোমবাৰে ৰাতিপুৱা ৬:৩০ বজাতে উলিওৱা হয় “একতাৰ দৌৰ” শীৰ্ষক মাৰাথন দৌৰ।

ওদালগুৰি শ্বহীদ বেদীৰ পৰা আৰম্ভ হোৱা এই দৌৰ সমদলটি কঠালগুৰি-হৰপুৰ-গোলমাগাওঁ চক হৈ ওদালগুৰি আৰক্ষী থানাত সামৰণি পৰে। এই দৌৰ কাৰ্যসূচীত আৰক্ষী, ভাৰতীয় সেনা বাহিনীৰ লগতে ৰাইজৰ বিভিন্ন প্ৰান্তৰ লোকে অংশগ্ৰহণ কৰে। উল্লেখ্য যে, এই দৌৰত অংশগ্ৰহণ কৰে মাজুলীৰ পৰা অহা মহিলা প্ৰতিযোগিয়েও।

মাৰাথানত মহিলা শাখাৰ প্ৰথম স্থান লাভ কৰি গীতা দলে নামৰ যুৱতীগৰাকীয়ে নতুন প্ৰজন্মৰ যুৱতীসকলক হিমা দাসৰ দৰে ওলাই আহি ৰাজ্যৰ হৈ গৌৰৱৰ ধ্বজা উৰুৱাবলৈ আহ্বান জনায়। পুৰুষৰ শাখাত প্ৰথম স্থান লাভ কৰে বিপুল চাটনামীয়ে।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা আৰক্ষী অধীক্ষক লংণিত টেৰাঙে সকলোকে আৰক্ষী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি দুদিনীয়া কাৰ্যসূচীৰে এই দিৱস আয়োজন কৰাৰ কথা উল্লেখ কৰে। কাৰ্যসূচীসমূহৰ উপৰিও মঙলবাৰে বক্তৃতা প্ৰতিযোগিতা, বৃক্ষৰোপনৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকক লৈ সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী অনুস্থিত হ’ব বুলি জানিবলৈ দিয়ে।

The post পুৱাই ওদালগুৰিত ডেৰ শতাধিক সেনা-আৰক্ষীৰ দৌৰ, কিন্তু কিয়… VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2mVRSWP
via IFTTT

Comments