একমাত্ৰ অৰ্থৰ অভাবৰ বাবে থমকি ৰবলগীয়া হৈছে ওৰাঙৰ এগৰাকী প্ৰতিভাবান খেলুৱৈ…

ডিজিটেল সংবাদ, ওৰাংঃ যি সময়ত যুৱতী তথা মহিলা সকলে নিৰাপত্তাহীনতাত ভুগিছে তেনে সময়তে ওৰাঙৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ কন্যাই কঢ়িয়াই আনিছে স্বৰ্ণ পদক৷ ওৰাঙৰ নিকৰ্তবৰ্তী নাহৰবাৰী গাঁৱত ঘৰ এই গৰাকী প্ৰতিভাৱান খেলুৱৈ দিপশীখা ৰাভাৰ৷ প্ৰতিভা থকাৰ সত্ত্বেও কিন্তু কোনোবাখিনিত এই প্ৰতিভাবান খেলুৱৈ গৰাকী পিছহুহকি ৰবলগীয়া হৈছে। কেৱল অৰ্থৰ অভাৱৰ বাবে দৰিদ্ৰ পৰিয়ালৰ কন্যা, প্ৰতিভাবান খেলুৱৈ ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ পাছতো অৱহেলিত হৈ ৰৈছে।

প্ৰতিভাৱান খেলুৱৈ গৰাকীক অৱহেলা চৰকাৰৰো। অষ্টম শ্ৰেণীৰ পৰাই ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় কিক্ বক্সিং, ৰাষ্ট্ৰীয় পেনচক চিলাট চেম্পিয়নশ্বিপৰ লগতে বিভিন্ন প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে দিপশিখা ৰাভাই। প্ৰতিভাবান খেলুৱৈ দিপশিখাই বিদেশত খেলাৰ সুযোগ পোৱাৰ পিছতো খেলত অংশ গ্ৰহণ কৰিব নোৱাৰিলে একমাত্ৰ অৰ্থৰ অভাৱৰ কাৰণে।

হাজাৰ বাধা অতিক্ৰম কৰি হলেও দিপশিখাৰ দৰিদ্ৰ পিতৃ-মাতৃয়ে আগবঢ়াই নিব বিচাৰিছে দিপশিখাৰ প্ৰতিভাক। দিপশিখাৰ খেলা-ধূলাৰ খৰচৰ বাবে দেউতাকে বন্ধকত দিছে ঘৰ, মাটি-বাৰি সম্পত্তিও। দিপশিখাৰ খেলা-ধূলাৰ খৰচৰ বাবে লোৱা ধাৰ-ঋণ পৰিশোধ কৰিব নোৱাৰি বৰ্তমান বহিঃৰাজ্যৰ কোম্পানীত কাম কৰে দিপশিখাৰ পিতৃ-মাতৃয়ে। মাক-দেউতাক ঘৰত নথকাৰ বাবে দিপশিখাই নিজৰ ঘৰৰ পৰিবৰ্তে ওৰাঙত থকা মোমায়েকৰ ঘৰতে থাকি পঢ়া -শুনা কৰে। দিপশিখা কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰী।

অভাৱ আৰু দৰিদ্ৰতাৰ মাজেৰে নিজা প্ৰচেষ্টাৰে আগবাঢ়ি গৈছে দিপশিখা। মনত অলেখ সপোন আৰু আত্মবিশ্বাস লৈ ভবিষ্যতে অলিম্পিক খেলাৰ পৰিকল্পনা দিপশিখাৰ। কিন্তু দীপশিখাৰ এই সপোন পূৰণৰ বাবে প্ৰয়োজন এতিয়া উপযুক্ত অনুশীলনৰ। মনত অলেখ সপোন, প্ৰতিভা থকাৰ পাছতো একমাত্ৰ অৰ্থৰ অভাৱৰ বাবে থমকি ৰব লগা হৈছে দিপশিখা ৰাভা। দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালৰ খেলুৱৈ গৰাকীয়ে বুকুত সাহস গোটাই উৰুখা পঁজাৰ পৰাই এতিয়া বিশ্ব জয় কৰাৰ সপোন দেখিছে।

চৰকাৰৰ ক্ৰীড়া বিভাগলৈ সহায়ৰ বাবে কাতৰ অনুৰোধ দিপশীখাৰ। যাতে তাইৰ প্ৰতিভাক আগবঢ়াই নিয়ে চৰকাৰে। যি সময়ত চৰকাৰে প্ৰতিভাবান খেলুৱৈ সকলক ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ যথেষ্ট অভিলাষী আঁচনি গ্ৰহণ কৰিছে তেনে ক্ষেত্ৰত কিন্তু অবহেলিত হৈ ৰৈছে দিপশিখা ৰাভাৰ দৰে বহু প্ৰতিভাবান খেলুৱৈ। একমাত্ৰ অৰ্থৰ অভাৱৰ বাবে বহু প্ৰতিভাবান খেলুৱৈ থমকি ৰব লগা হৈছে অসমত। গতিকে এই প্ৰতিভাবান খেলুৱৈ সকলক আগবঢ়াই নিবৰ বাবে অতি শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান পশ্চিম ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ।

The post একমাত্ৰ অৰ্থৰ অভাবৰ বাবে থমকি ৰবলগীয়া হৈছে ওৰাঙৰ এগৰাকী প্ৰতিভাবান খেলুৱৈ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2n5fbgH
via IFTTT

Comments