জেইছ-ই-মহম্মদৰ ষড়যন্ত্ৰ! লক্ষ্যত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা…

ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদে ভাৰতত ভয়ংকৰ কূটাঘাত সংঘটিত কৰাৰ ষড়যন্ত্ৰ ৰচিছে। এই সন্দৰ্ভত সাৱধান কৰি দিয়া হৈছে দেশৰ নিৰাপত্তাবাহিনীক। সূত্ৰ অনুসৰি, এই সন্ত্ৰাসবাদী সংগঠনটোৰ মুল লক্ষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল।

তদুপৰি সমগ্ৰ দেশত ৩০খন চহৰ আৰু বহু কেইটা বিমান বন্দৰত এই কুটাঘাত সংঘটিত কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে এই সূত্ৰটোৱে। সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদে জম্মু-কাশ্মীৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰাৰ প্ৰতিশোধ ল’বৰ বাবে এই ষড়যন্ত্ৰ ৰচনা কৰিছে।
উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পৰা ৩৭০ ধাৰা বাতিলৰ পাছত তাত কাৰ্ফিউৰ দৰে পৰিস্থিতি বিৰাজ কৰিছে। জম্মু-কাশ্মীৰ আৰক্ষীৰ এগৰাকী বিষয়াই মঙলবাৰে কয় যে, আৰক্ষী যিকোনো অপ্ৰীতিকৰ ঘটনাৰ সৈতে মোকাবিলা কৰিবলৈ সাজু আছে। আৰু দেশৰ বিৰুদ্ধে যিসকলে কোনো কুটাঘাত সংঘঠিত কৰিব বিচাৰে তাৰ বিৰুদ্ধে যুঁজ দিয়া হ’ব।
The post জেইছ-ই-মহম্মদৰ ষড়যন্ত্ৰ! লক্ষ্যত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2lnFSwG
via IFTTT
Comments
Post a Comment