ভাল খবৰঃ ঘৰলৈ যদিহে নতুন বাহন অনাৰ পৰিকল্পনা কৰিছে…

ডিজিটেল ডেস্কঃ পূজাৰ বতৰত ঘৰলৈ এখন নতুন বাহন অনাৰ পৰিকল্পনা কৰি আছে নেকি! যদি এনে কোনো পৰিকল্পনা আছে তেন্তে নিশ্চিতভাৱে আপোনাৰ বাবে আছে এটা ভাল খবৰ। দেশৰ সবাতোকৈ বৃহৎ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান মাৰুতি-ছুজুকীয়ে শেহতীয়াকৈ কৰিছে এটা ঘোষণা। প্ৰতিষ্ঠানটোৱে ঘোষণাত কৈছে যে, মাৰুতি-ছুজুকীৰ বাহন সমূহত প্ৰদান কৰা হব ৫ হাজাৰ টকাৰ লৈকে ৰেহাই। ২৫ ছেপ্তেম্বৰৰ পৰা প্ৰযোজ্য হৈছে এই নতুন অফাৰ।

কি কি মডেলৰ গাড়ীত থাকিব এই অফাৰঃ

মাৰুতিয়ে সকলো মডেলৰ বাহনতে এই অফাৰ ঘোষাণা কৰা নাই। ৫০০০ টকাৰ লৈকে ৰেহাই ঘোষণা কৰা বাহন কেইকন হৈছে মাৰুতি এল্ট ৮০০, এল্ট কে১০, ছুইফট(ডিজেল), ছেলেৰিঅ, বলেনো(ডিজেল), ইঙ্গিজ, ডিজায়ৰ(ডিজেল, বিটাৰা ব্ৰীজা আৰু এছ ক্ৰজ। ইফালে ৫ হাজাৰ টকাৰ ৰেহাইৰ কৰ্পৰেট টেক্সৰ ক্ষেত্ৰতো বিশেষ ৰেহাই দিয়াৰ বাবে প্ৰতিষ্ঠানটোৱে কৰিছে এই অফাৰৰ ঘোষণা।

The post ভাল খবৰঃ ঘৰলৈ যদিহে নতুন বাহন অনাৰ পৰিকল্পনা কৰিছে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ngLlWr
via IFTTT

Comments