বোকাজান আৰক্ষীৰ জালত গোলাঘাটৰ ২ ড্ৰাগছ সৰবৰাহকাৰী, ব্ৰাউন চুগাৰ জব্দ

ডিজিটেল সংবাদ, বোকাজানঃ কাৰ্বি আংলঙৰ বোকাজান আৰক্ষীয়ে শুকুৰবাৰে ১০ গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰসহ দুজন যুৱকক আটক কৰে। আটকাধীন যুৱক দুজন হ’ল ক্ৰমে গোলাঘাট শালিকীহাটৰ চন্দনজ্যোতি বৰা আৰু তেতেলীতলৰ ধ্ৰুৱজ্যোতি হাজৰিকা৷ আৰক্ষীৰ সূত্ৰ অনুসৰি ডিমাপুৰৰ পৰা এখন বাইকেৰে গোলাঘাটলৈ আহি থাকোতেই সৰিয়হজানৰ আৰক্ষীৰ নিয়মীয়া তালাচীত যুৱক দুজন আৰক্ষীৰ জালত পৰে।

এটা চাবোনৰ বাকচত যুৱক দুজনে উক্ত ড্ৰাগছখিনি ভৰাই আনিছিল৷ আৰক্ষীৰ সূত্ৰ অনুসৰি বিক্ৰীৰ বাবেই আনিছিল ড্ৰাগছখিনি৷ ইপিনে ধৃত যুৱকদ্বয়ে ডিমাপুৰৰ পৰা ১৫ হাজাৰ টকাত উক্ত ড্ৰাগচ খিনি সংগ্ৰহ কৰিছিল৷ সম্প্ৰতি আৰক্ষীয়ে থানাত জেৰা অব্যাহত ৰাখিছে ধৃত যুৱকদ্বয়ক৷

The post বোকাজান আৰক্ষীৰ জালত গোলাঘাটৰ ২ ড্ৰাগছ সৰবৰাহকাৰী, ব্ৰাউন চুগাৰ জব্দ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2nmxy0N
via IFTTT

Comments