এটা মাছে মাছমৰীয়াক কৰিলে লাখপতিঃ বিক্ৰী হ’ল ৭ লাখ টকাত…

ডিজিটেল ডেস্কঃ ভাগ্য কেতিয়া সলনি হয় সেয়া আগতীয়াকৈ কোনেও কব নোৱাৰে। শেহতীয়াকৈ উৰিষ্যাত সংঘটিত হোৱা এটা ঘটনাই এই কথাই প্ৰমাঁণ কৰিলে। এটা মাছ ধৰিয়েই এজন মাছমৰীয়া হৈ পৰিল লাখপতি। ঘটনাতো দৰাচলতে সংঘটিত হৈছে উৰিষ্যাৰ চান্দৱলী অঞ্চলৰ ধামৰা সমুদ্ৰতীৰত। কেইজনমান মাছমৰীয়াৰ জালত যোৱা বুধবাৰে উঠিল দুপ্ৰাষ্প্ৰ প্ৰজাতিৰ এটা প্ৰকাণ্ড মাছ।

7 लाख 49 हजार रुपये में बिकी 1 मछली, खुशी के मारे झूम उठा मछुआरा

মাছটোৰ ওজন আছিল প্ৰায় ১০৭ কেজি। দুপ্ৰাষ্প্ৰ প্ৰজাতিৰ এই মাছতো মাছমৰীয়া কেইজনে প্ৰতি কেজিত ৭০০০ টকাৰ দৰত বিক্ৰী কৰে এটা ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানক। প্ৰকাণ্ড এই মাছটোৰ বাবদ মাছমৰীয়া কেইজনে লাভ কৰে প্ৰায় ৭ লাখ ৪৯ হাজাৰ টকা।

উল্লেখ্য যে, দীৰ্ঘ সময়ৰ পাছত সাগৰত উদ্ধাৰ কৰা হৈছে এনে প্ৰজাতিৰ প্ৰকাণ্ড মাছ। সাধাৰণতে এই মাছটোৰ নাম হৈছে ড্ৰোণ সাগৰ। এই মাছটোৰ মঙহ আৰু তেজেৰে নিৰ্মাণ কৰা হয় ঔষধ। ইয়াৰ পূৰ্বেও এনে প্ৰজাতিৰ মাছ প্ৰায় ৫ লাখ টকাৰ মূল্যত বিক্ৰী কৰা হৈছিল।

The post এটা মাছে মাছমৰীয়াক কৰিলে লাখপতিঃ বিক্ৰী হ’ল ৭ লাখ টকাত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2lI6Uz1
via IFTTT

Comments