গোলাঘাটৰ ৰহস্যজনক পথ দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ চালকক গ্ৰেপ্তাৰ…

ডিজিটেল ডেস্কঃ যোৱা বৃহস্পতিবাৰে গোলাঘাটৰ মৰঙি মৌজাৰ মাৰৰগাঁৱৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত কৰা ভয়ংকৰ দুৰ্ঘটনাৰ ডাম্পাৰ চালকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দৈগ্ৰোঙৰ নিজা বাসগৃহৰ পৰা ডাম্পাৰ চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত চালকজন নাম হৈছে সমীৰ গড়। বৰ্তমান চালক সমীৰ গড়ক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

উল্লেখ্য যে, অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওতেই ডাম্পাৰৰ সৈতে টাটা ছুম’ৰ সংঘৰ্ষত জ্বলি গৈছিল ছুম’খন। দুৰ্ঘটনাত নিহত হৈছিল আবকাৰী চোৰাংচোৱা বিভাগৰ ৩ বিষয়া–কৰ্মচাৰী। ইফালে একাংশই এই দুৰ্ঘটনাটোত ৰহস্যজনক দুৰ্ঘটনা বুলি অভিহিত কৰিছে। ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে বৃহস্পতিবাৰেই মুখ্যমন্ত্ৰীয়ে তদন্তৰ ঘোষণা কৰিছে।

The post গোলাঘাটৰ ৰহস্যজনক পথ দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ চালকক গ্ৰেপ্তাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2n5zLNR
via IFTTT

Comments