পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলাৰ প্ৰস্তুতি…

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামত স্থানীয় শিল্পী লেশধৰ শৰ্মা ওৰফে লেৰেলা খনিকৰে নিৰ্মাণ কৰা ঐতিহাসিক কাঠৰ দূৰ্গা প্ৰতিমাত ১৯০১ চনৰ পৰা পূজা অৰ্চনা আৰম্ভ হোৱা পূজাস্থলীৰ নিচেই কাষতে ১৯৯৬ চনতে আৰম্ভ হোৱা অসমৰ প্ৰথমখন শিশু গ্ৰন্থ মেলা হিচাপে প্ৰতিষ্ঠা লাভ কৰা “পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলা”ই এইবাৰ চতুৰ্বিংশতিতম বৰ্ষ তথা প্ৰাক্ ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পন কৰিব। বিগত বছৰ বোৰৰ দৰেই এইবাৰো অহা ৪ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ অপ্ৰমাদী কবি মাধৱ কন্দলি ক্ষেত্ৰত গ্ৰন্থমেলাখন বিভিন্ন কাৰ্যসুচীৰে আয়োজন কৰিছে পুৰণিগুদাম প্ৰেছ ক্লাৱে।
কাৰ্যসূচী অনুসৰি ৪ অক্টোবৰ সন্ধিয়া বন্তি প্ৰজ্বলন আৰু আদৰণি অনুষ্ঠান, ৫ অক্টোবৰ পুৱা ৮ বজাত শিশু গ্ৰন্থমেলাৰ পতাকা উত্তোলন, ৮-১৫ বজাত পুৰণিগুদাম প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন, ৮-৩০ বজাত স্মৃতি তৰ্পন অনুষ্ঠান, ৯ বজাত বন্যপ্ৰানী সুৰক্ষা আৰু উদ্ধাৰ সম্পৰ্কীয় প্ৰদৰ্শনী অনুষ্ঠান, ১০ বজাত গ্ৰন্থমেলাৰ দ্বাৰ মুকলি অনুষ্ঠান, ১০-৩০ বজাৰ পৰা সকলোৱে পাব পুৰস্কাৰ শীৰ্ষক অনুষ্ঠান, ১১ বজাৰ পৰা প্লাষ্টিক বৰ্জন সন্দৰ্ভত চিত্ৰ অংকন আৰু সজাগতা সভা, বিয়লি ২ বজাৰ পৰা পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ পৰিচালনাত কবিতাৰ মহাসভা, সন্ধ্যা ৬-৩০ বজাত স্মৃতি গ্ৰন্থ “শেৱালি” উন্মোচন, ৭বজাৰ পৰা সাৰদা সংগীত কাননৰ সংগীতানুষ্ঠান, ৬ অক্টোবৰ পুৱা ১০ বজাত চিত্ৰাংকন আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা, ১ বজাত নগাওঁ জিলা কবি সন্মিলনৰ উদ্যোগত কাব্যগুঞ্জনৰ কবিতা আবৃত্তি অনুষ্ঠান, ৫ বজাত সমন্বয়ৰ এনাজৰী গোষ্ঠী নগাঁৱৰ লোকবাদ্য আৰু লোকনৃত্য অনুষ্ঠান, ৬ বজাৰ পৰা নৃত্যাংগনাৰ নৃত্যানুষ্ঠান, আৰু সন্ধিয়া ৭ বজাৰ পৰা ৰুদ্ৰ বৰুৱা সংগীত একাডেমিৰ সাংস্কৃতিক অনুষ্ঠান, ৭ অক্টোবৰৰ পুৱা ১০ বজাৰ পৰা সাধু কোৱা প্ৰতিযোগিতা, ১২ বজাৰ পৰা নাতি আইতাৰ সাধু কথা, ১২ বজাৰ পৰা “ছাত্ৰ ছাত্ৰীৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আগবাঢ়ি যোৱাত গুনগত শিক্ষাৰ প্ৰয়োজনীয়তা” শীৰ্ষক আলোচনা চক্ৰ, ৫ বজাৰ পৰা চামগুৰিৰ ফ্লৰেন্স একাডেমিৰ সাংস্কৃতিক অনুষ্ঠান, ৬ বজাৰ পৰা পঞ্চি বৰা, অংকিতা শইকীয়া আৰু গৰীয়সী কাশ্যপৰ যোগ প্ৰদৰ্শন ৭ বজাৰ পৰা অংগাভিনয়ৰ নৃত্যানুষ্ঠান।
৮ অক্টোবৰৰ ১২ বজাৰ পৰা “প্ৰিয় বন্ধু” দিহানাম দলৰ নাম প্ৰদৰ্শন, ৩ বজাৰ পৰা মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান। ৭ বজাৰ পৰা বঢ়মপুৰ অন্ধবিদ্যালয়ৰ সংগীতানুষ্ঠান, ৮-৩০ বজাৰ পৰা বঢ়মপুৰ জ্ঞানদ্বীপ জাতীয় বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানটি সুকলমে পৰিচালনাৰ বাবে মনিমাধৱ মহন্তক সভাপতি, তপন কটকীক কাৰ্যকৰী সভাপতি, প্ৰেমানন্দ বৈৰাগীক উপসভাপতি, দীপক ডেকা আৰু দিগন্ত ভূঞাক সম্পাদক হিচাপে লৈ এখন পৰিচালনা সমিতি গঠন কৰা কৰা হয়।
ইফালে প্ৰাক্তন ছাত্ৰ নেতা মণি মাধব মহন্তক সভাপতি হিচাপে লৈ ষড়াণন বৰা আৰু ভাৰ্গব হাজৰিকাৰ সম্পাদনাত তথা সহকাৰী সম্পাদক নয়নমণি বৰাৰ প্ৰত্যক্ষ সহযোগিতাত পুৰণিগুদাম প্ৰেছ ক্লাৱৰ আহ্বান ক্ৰমে গঠন হোৱা স্মৃতি গ্ৰন্থ প্ৰকাশক কমিটি খনেও অন্তিম প্ৰস্তুতি চলোৱা দেখা গৈছে যাতে নিৰ্ধাৰিত দিনটোত পুৰণিগুদাম বাসীৰ শাৰদীয় উপহাৰ স্বৰূপ স্মৃতি গ্ৰন্থ “শেৱালি”ক তুলি দিব পৰা যায় গ্ৰন্থপ্ৰেমী তথা পাঠক ৰাইজৰ হাতত।
The post পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলাৰ প্ৰস্তুতি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2nQA3IH
via IFTTT
Comments
Post a Comment