চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কামৰূপ জিলা দিৱস উদযাপনৰ প্ৰস্তুতি…

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে কামৰূপ জিলা দিৱস ৷ কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত চাৰিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে জিলা দিৱস উদযাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ জিলা সদৰ আমিনগাঁৱত কেন্দ্ৰীয়ভাৱে এই দিৱস উদযাপনৰ আয়োজন কৰাৰ উপৰি জিলাখনৰ প্ৰতিটো ৰাজহ চক্ৰ, উন্নয়ন খণ্ড আৰু গাঁও পঞ্চায়ত পৰ্যায়তো এই দিৱস উদযাপনৰ ব্যৱস্থা কৰা হৈছে৷ জিলা দিৱসৰ সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে ওলাই আহিবলৈ জিলাবাসীক আহ্বান জনাইছে জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে৷
জিলা দিৱস উপলক্ষে জিলাখনৰ সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰিবলৈ এক সংবাদ মেলৰ আয়োজন কৰি উপায়ুক্ত কাৰ্তিকে কয় যে ৰাষ্ট্ৰৰ সামগ্ৰিক উন্নয়ন নিৰ্ভৰ কৰে ৰাজ্যসমূহৰ সামগ্ৰিক উন্নয়নৰ ওপৰত আৰু ৰাজ্যসমূহৰ উন্নয়ন নিৰ্ভৰ কৰে জিলাসমূহৰ উন্নয়নৰ ওপৰত৷ সেয়ে নিজৰ লগতে জিলাখনৰ সামগ্ৰিক উন্নয়নৰ বাবে প্ৰশাসন আৰু ৰাইজৰ সমূহীয়া প্ৰচেষ্টা ত্বৰান্বিত কৰাই হৈছে এই জিলা দিৱস উদযাপনৰ তাৎপৰ্য ৷ কিয়নো নিজৰ এলেকাৰ উন্নয়নে জনসাধাৰণক আটাইতকৈ বেছি উপকৃত কৰে৷ জিলা দিৱসৰ লগত সংগতি ৰাখি এক শপত বাক্যও প্ৰস্তুত কৰা হৈছে বুলি উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে নিজৰ জিলাখন গঠন সম্পৰ্কে অৱগত হৈ গৌৰৱান্বিত হোৱাৰ লগতে সমগ্ৰ জিলা জুৰি অনুষ্ঠিত হ’বলগীয়া জিলা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি জিলাৰ উন্নয়নৰ বাবে শপত ল’বলৈ জিলাবাসীৰ প্ৰতি গোহাৰি জনাইছে৷
উল্লেখযোগ্য যে চাইকেল ৰেলী, বৃক্ষ ৰোপণ, গাঁওসভা, স্থানীয় বিশিষ্ট ব্যক্তিক সম্বদ্ধৰ্না, চৰকাৰী আঁচনিৰ বিষয়ে জনসাধাৰণক অৱগত কৰা আদি বিভিন্ন কাৰ্যসূচীৰে পঞ্চায়ত পৰ্যায়লৈকে জিলা দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰাৰ লগতে আমিনগাঁওস্থিত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত কাইলৈৰ পৰা চাৰিদিনীয়াকৈ আত্মসহায়ক গোটৰ প্ৰদৰ্শনী তথা বিক্ৰী মেলা, গ্ৰন্থ মেলা, কথাছবি প্ৰদৰ্শন, বিভিন্ন বিভাগৰ প্ৰদৰ্শনী, বাটৰ নাট, উপায়ুক্তৰ লগত ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ আৰু প্ৰতিটো দিনতেই বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে য’ত জিলাখনৰ বাৰেৰহনীয়া সংস্কৃতি প্ৰদৰ্শিত হোৱাৰ উপৰি বহুতো ন-পুৰণি উদীয়মান আৰু বিশিষ্ট শিল্পীৰ অনুষ্ঠান থাকিব৷
আনহাতে এই সমাৰোহখন কাইলৈ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাই৷ এই অনুষ্ঠানতে জিলা দিৱস উপলক্ষে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ ‘কামৰূপা’, জিলাখন সম্পৰ্কত প্ৰস্তুত কৰা তথ্যচিত্ৰ আৰু চৰকাৰী আঁচনিসমূহ সম্পৰ্কে কামৰূপ জনসংযোগৰ দ্বাৰা প্ৰকাশিত পুথি এখনো উন্মোচন কৰা হ’ব৷ তদুপৰি জিলাদিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা বিভিন্ন খেল, ম’বাইল ফটোগ্ৰাফী প্ৰতিযোগিতা, কুইজ, চুটি ছবি প্ৰতিযোগিতা আৰু শ্ৰেষ্ঠ কৰ্মচাৰী বঁটাসমূহো এই অনুষ্ঠানতে প্ৰদান কৰা হ’ব৷ জিলা দিৱসৰ কাৰ্যসূচীত মুখমন্ত্ৰীকে প্ৰমুখ্য কৰি জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু জন প্ৰতিনিধিসকলেও ভাগ লোৱাৰ কথা৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/8b3Q6uN
via IFTTT
Comments
Post a Comment