বৰপেটাত চিকিৎসকৰ শাৰিৰীক আক্ৰমনত আঘাট প্ৰাপ্ত জি এন এম…

ডিজিটেল সংবাদ, বৰপেটাঃ বৰপেটা জিলা অসামৰিক চিকিৎসালয়ত আজব ঘটনা ৷ চিকিৎসকে আক্ৰমন কৰিলে জি এন এম নাৰ্চক ৷ শাৰিৰীক ভাবে আক্ৰমন কৰি আহত কৰা জি এন এম গৰাকীক বৰ্তমান চিকিৎসালয় কৰ্তৃপক্ষই উচিত চিকিৎসালয়ৰ পৰা বঞ্চিত কৰাৰো বিস্ফোৰক অভিযোগ উঠিছে ৷ ঘটনাটো সৰ্ন্দভত বৰপেটা কলগছিয়াৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষকে গাপ দিবলৈ চেষ্টা কৰা অভিযোগ উঠিছে ৷
অভিযোগ মতে প্ৰসূতি বিভাগৰ চিকিৎসক ডা° নুৰুল ইছলামে জি এন এম চাদিকা ইয়াচমিনক চিকিৎসালয়ৰ লেবাৰ ৰূমতে আক্ৰমন কৰে ৷ এই আক্ৰমনত জি এন এম চাদিকাৰ হাতৰ মঙহ পৰ্যন্ত এৰাই যায় ৷ এখন হাতত নখৰে আছুৰ মাৰি গুৰুত্বৰ ভাবে আঘাটপ্ৰাপ্ত কৰে ৷ লেবাৰ ৰূমৰ পৰিচালকৰ দায়িত্ব থকা চাদিকা ইয়াচমিনে এগৰাকী এ এন এমক নীতি বিৰোদ্ধ কাৰ্যত জৰিত থকাৰ প্ৰতিবাদ কৰিবলৈ গৈ চিকিৎসকৰ আক্ৰমনৰ সন্মূখীন হয় জি এন এম গৰাকী ৷
ইফালে গুৰুত্বৰ ভাবে আহত চাদিকাক সান্তনা দি দায় সাৰিব বিছাৰিছে চিকিৎসালয় খনৰ অধীক্ষকৰ দায়িত্ব থকা ডা° হাচমত আলিয়ে ৷ ডা° আলি আৰু ডা° ইছলামে আহত জি এন এম চাদিকা ইয়াচমিন যাতে আৰক্ষীৰ ওচৰ চাপিব নোৱাৰে তাৰ বাবে কৌশলগত ভাবে বাধা প্ৰদান কৰা বুলি জানিব পৰা গৈছে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/NApqZBQ
via IFTTT
Comments
Post a Comment