ৰাষ্ট্ৰপতিৰ পৰা পদ্ম ভূষণ গ্ৰহণ কৰিলে কংগ্ৰেছ নেতা গোলাম নবী আজাদে…

ডিজিটেল ডেস্ক: দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কংগ্ৰেছ নেতা গোলাম নবী আজাদক পদ্ম ভূষণ সন্মানেৰে সন্মানিত কৰে। কংগ্ৰেছ নেতা গৰাকীয়ে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত অংশ গ্ৰহণ কৰি এই সন্মান গ্ৰহণ কৰি সুখ ব্যক্ত কৰে।
তেওঁ কয় যে ভাল লাগিছে যে মোৰ কাম কোনোবাই দেখা পাইছে।যদি দেশখনে যিকোনো কামক স্বীকৃতি দিয়ে তেন্তে ভাল কাম কৰাৰ বাবে আৰু আধিক ইচ্ছা জাগে। আপুনি চাব নালাগে কোনে এইটো পাইছে আৰু কিয়। কিয়নো এই বঁটাসমূহ দেশে প্ৰদান কৰে। তেওঁ কয় যে পদ্ম বঁটা কোনো চৰকাৰে নহয়, দেশৰ দ্বাৰা প্ৰদান কৰা হয়।
তেওঁ কয় যে জীৱনৰ বহু উত্থান-পতনৰ মাজতো তেওঁ সমাজৰ হকে কাম কৰি আহিছে। সেয়া সামাজিক বা ৰাজনীতি যিকোনো ক্ষেত্ৰতেই নহওক কিয়।
উল্লেখ্য যে, গোলাম নবী আজাদ জম্মু-কাশ্মীৰৰ পৰা ৰাজ্যসভাৰ সদস্য আছিল। প্ৰায় ৪১ বছৰ ধৰি সাংসদীয় ৰাজনীতিত থকা আজাদে ২০১৪ চনত ৰাজ্যসভাৰ বিপক্ষৰ নেতা আছিল। তেওঁ ৫ বাৰ ৰাজ্যসভা আৰু ২ বাৰ লোকসভাৰ সাংসদ আছিল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/8qPIau1
via IFTTT
Comments
Post a Comment