ভূমিকেন্দ্ৰিক সংঘাটত নিহত মহিলা, আহত চাৰি শিশু

ডিজিটেল সংবাদ, নগাঁও: নগাঁৱৰ ইটাপাৰাত ভূমিকেন্দ্ৰিক সংঘাতে ল’লে ভয়ংকৰ ৰূপ ৷ ভূমিকেন্দ্ৰিক সংঘৰ্ষত প্ৰাণ গ’ল এগৰাকী মহিলাৰ লগতে গুৰুত্বৰভাৱে আহত ৪ টিকৈ শিশু ৷
ভূমিকেন্দ্ৰিক সংঘাতত নিহত মহিলা গৰাকী চুফিয়া খাতুন বুলি জানিব পৰা গৈছে। শিশু আৰু মহিলাসহ সৰ্বমুঠ ৮গৰাকী লোক গুৰুত্বৰভাৱে আহত হয় এই সংৰ্ষত ৷
আহত সকলোকে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। লাঠি , চোকা দা আৰু তৰোৱালেৰে আক্ৰমণ শিশু আৰু মহিলাক ৷
আব্দুল ছালাম, আব্দুল হাই, দিলদাৰ হুছেইন, আব্দুল আলী আৰু চুৰহাব আলীৰ বিৰুদ্ধে মহিলাগৰাকীক হত্যাৰ অভিযোগ উত্থাপন হৈছে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/0cLM9Zt
via IFTTT
Comments
Post a Comment