৭ এপ্ৰিলৰ পৰা কলঙৰ বাকিৰত অসম নাট্য সন্মিলনৰ ৬০ সংখ্যক বাৰ্ষিক অধিৱেশন…

ডিজিটেল ডেস্কঃ অসম নাট্য সন্মিলনৰ ৬০ সংখ্যক বাৰ্ষিক অধিৱেশনখন আগন্তুক ৭ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈ নগাঁৱৰ কলঙৰ বাকৰিত অনুষ্ঠিত হ’ব। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক সভাপতি আৰু তফজ্জুল আলীক সম্পাদক হিচাপে লৈ ১৯৫৯ চনতে ডিব্ৰুগড়ত জন্মলাভ কৰা এই ঐতিহ্যমণ্ডিত সংগঠনটোৱে প্ৰতি বছৰে অসমৰ বিভিন্ন স্থানত বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰি আহিছে।

জন্মতে অসম একাংক নাট্য সন্মিলন হিচাপে জন্মলাভ কৰা এই সংগঠনটোৱে জন্মৰে পৰা অনুষ্ঠিত কৰি আহিছে একাংক নাট প্ৰতিযোগিতা। অসম নাট্য সন্মিলনৰ নগাওঁ জিলা সমিতিৰ আমন্ত্ৰণ মৰ্মে কেন্দ্ৰীয় সমিতিয়ে সন্মিলনৰ ৬০ সংখ্যক অধিৱেশনখনি নগাওঁ চহৰত অনুষ্ঠিত কৰিবলৈ সদিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে নগাওঁ জিলাৰ সমিতিৰ লগতে আয়োজক কমিটীয়ে।

উল্লেখ্য যে নগাঁৱত অসমৰ নাট্যক্ষেত্ৰত এক সুকীয়া স্থান আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ১৪৬৮ খ্ৰীষ্টাব্দতে সৃষ্টি কৰা কৰা চিহ্নযাত্ৰাৰ জৰিয়তে নগাওঁ জিলাৰ পৰাই আৰম্ভ কৰিছিল নিজস্ব শৈলীৰে অসমীয়া নাটকৰ এক সুদৃঢ় যাত্ৰা। সেই ধাৰা অব্যাহত ৰাখি পৰৱৰ্তী সময়ত আধুনিক প্ৰচেনিয়াম মঞ্চ নগাঁৱৰ হয়বৰগাওঁ বীণাপানী নাট্যমন্দিৰত ১৮৭০ চনতে উপস্থাপন হোৱা প্ৰথমখন অসমীয়া মৌলিক নাট, নাট্যকাৰ ৰুদ্ৰৰাম বৰদলৈৰ বঙাল-বঙালনী, প্ৰথম অসমীয়া লিখিত মৌলিকনাট গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী, যুগান্তকাৰী বুৰঞ্জীমূলক নাট পিয়লি ফুকন, ফুলগুৰি ধেৱা, ভোটাই ডেকা, জোঙাল বলহু, নগাঁৱৰ নাট্য ইতিহাসত চিৰকাল স্মৰণযোগ্য কৰি ৰাখিছে।

অসম নাট্য ইতিহাসৰ এনে এক গুৰুত্বপূৰ্ণ স্থানত অসম নাট্য সন্মিলনৰ ৬০ সংখ্য়ক বাৰ্ষিক অধিৱেশন অসমৰ বিভিন্ন প্ৰান্তৰ পেচাদাৰী, অপেচাদাৰী নাট্য সংগঠনস নাট্যকৰ্মী তথা নাট্যৰসিক স্বতঃস্ফূৰ্ত সহযোগিতাৰে সাফল্যমণ্ডিত কৰিবলৈ আয়োজক কমিটী বদ্ধপৰিকৰ বুলি উল্লেখ কৰিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Dbv8t9u
via IFTTT

Comments