কেইবালাখ টকাৰ জালনোট জব্দ…

ডিজিটেল সংবাদ, শিলচৰ: সাৱধান ৷ ২ হাজাৰ আৰু ৫০০ টকীয়া নোটৰ পিচত এইবাৰ ২০০ আৰু ১০০ টকীয়া জাল নোটেৰে ভৰি পৰিছে ভাৰতৰ বজাৰ ৷ ভাৰতীয় অৰ্থনীতিক পংগু কৰাৰ উদ্দেশ্যে এটি দুষ্ট চক্ৰই ভাৰতৰ বজাৰত মুকলি কৰি দিছে কোটি কোটি টকাৰ ভাৰতীয় মুদ্ৰাৰ জাল নোট৷ । সোমবাৰে বিএছএফে মিজোৰামত বুজণ পৰিমাণৰ এনে ভাৰতীয় জালনোট জব্দ কৰাৰ পিচত এই তথ্য পোহৰলৈ আহিছে ৷
আইজলস্থিত বিএছএফৰ এটি দলে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই এগৰাকী নোট সৰবৰাহকাৰী মহিলাৰ পৰা মুঠ ১১ লাখ ৩৫ হাজাৰ ৬০০ টকাৰ ভাৰতীয় জালনোট জব্দ কৰে ৷ বিএছএফৰ মিজোৰাম- কাছাৰ ফ্ৰন্টিয়াৰে সদৰী কৰা মতে, বিএছএফৰ এটা দলে আইজলৰ দিনথাৰভেং থানমুৱালত অভিযান চলাই এগৰাকী মহিলাৰ পৰা জব্দ কৰে এই বুজণ পৰিমাণৰ জাল নোট খিনি ৷
জব্দ কৰা নোট বোৰৰ ভিতৰত৫০০ টকীয়া নোট ,১৩৬৮ খন ( Rs /৬,৮৪,000) , ২০০টকীয়া নোট ১৫০৭ খন (৩,0১,৪00) আৰু ১00 টকীয়া নোট ১৫০২ খন ( ১,৫0,২00) ৷ সৰ্বমূঠ ১১ লাখ ৩৫ হাজাৰ টকাাৰ জালনোট জব্দ কৰা হয় ৷ জালনোটৰ সৈতে নোটখিনি সৰবৰাহ কৰা এগৰাকী মিজো মহিলাকো গ্ৰেপ্তাৰ কৰে বিএছএফে ৷
বৰ্তমান জালনোট সহ মহিলা গৰাকীক আইজলৰ Special Narcotiic Police Station ত গতাই দিয়া হৈছে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/KXxc0CZ
via IFTTT
Comments
Post a Comment