শতকৰ ঘৰ পাৰ কৰিলে পেট্ৰ’ল-ডিজেলৰ মূল্যই; পুনৰ বৃদ্ধি…

ডিজিটেল ডেস্ক: দেশত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। বিগত ৮টা দিনত সপ্তম বাৰৰ বাবে বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। মঙলবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। মঙলবাৰে প্ৰতিলিটাৰ পেট্ৰল’ত ৮০ পইচা আৰু ডিজেল প্ৰতিলিটাৰত বৃদ্ধি পাই ৭০ পইচাকৈ।
ইয়াৰ পিচতেই দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০০.২১ টকা আৰু ডিজেলৰ মূল্য ৯৯.৪১ টকা হয়গৈ। মুম্বাইত পেট্ৰ’লৰ মূল্য ১১৫.০৪ টকা আৰু ডিজেলৰ মূল্য হয়গৈ ৯৯.২৫ টকা।
উল্লেখ্য যে, ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিচৰ পৰাই বৃদ্ধি পাবলৈ আৰম্ভ কৰে পেট্ৰ’ল-ডিজেলৰ মূল্য। সোমবাৰেও বৃদ্ধি হৈছিল পেট্ৰ’ল-ডিজেলৰ মূল্য ।এতিয়া পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিয়ে মাধমাৰ সোধাইছে সাধৰণ জনতাৰ ওপৰত।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/6o89Ejk
via IFTTT
Comments
Post a Comment