কলিয়াবৰত শিল্পী বিপুল চেতিয়া ফুকন-কবীন ফুকনলৈ মুক্তিযোদ্ধা কমল চন্দ্ৰ মহন্ত সোঁৱৰণী বঁটা…

ডিজিটেল সংবাদ,কলিয়াবৰঃ ভাল কামহে এখন সমাজৰ,এটা জাতিৰ,এখন দেশৰ আধাৰ ৷ প্ৰতিটো ভাল কামেই একো একোটা শক্তিশালী স্তম্ভ ৷ আৰু স্তম্ভ বিলাকৰ ওপৰতে এখন সমাজ ,এটা জাতি আৰু এখন দেশ বৰ্তি থাকে ৷ সমাজ-দেশ অথবা জাতিৰ আয়ুস ৰেখা ডাল নিৰ্ভৰ কৰে ভাল কাম সমূহৰ ওপৰতে ৷ মুক্তিযোদ্ধা সত্ৰাধিকাৰ শিক্ষক কমল চন্দ্ৰ মহন্ত সোঁৱৰণী মঞ্চত উদ্যোগত, বৰলুইত কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ ব্যৱস্থাপনাত,নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলন,জি.এল.পি চ’চিয়েল চাৰ্কল,ব্যতিক্ৰম মাচডোৰ সহযোগত কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত শণিবাৰে অনুষ্ঠিত কমল চন্দ্ৰ মহন্ত সোঁৱৰণী বঁটা প্ৰদানৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অতিথিৰ ভাষন প্ৰসংগত এই বক্তব্য প্ৰদান কৰে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক সঞ্জীৱ ফুকনে ৷
মুক্তিযোদ্ধা তথা সত্ৰীয়া সংস্কৃতিৰ সাধক কমল চন্দ্ৰ মহন্তৰ কৰ্মৰাজি আলোকপাত কৰি লগতে সঞ্জীৱ ফুকনে কয়–সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়া ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আজি ৮৪ সংখ্যক মৃত্যু তিথি ৷ তেনে এক পবিত্ৰ ক্ষণত মুক্তিযোদ্ধা তথা সত্ৰীয়া সংস্কৃতিৰ সাধক কমল চন্দ্ৰ মহন্তক শ্ৰদ্ধাৰে সোঁৱৰি নিজৰে ধণ্য মানিছোঁ।
উল্লেখযোগ্য যে, কলিয়াবৰৰ প্ৰবীণ মুক্তিযোদ্ধা, সত্ৰাধিকাৰ শিক্ষক কমল চন্দ্ৰ মহন্ত সোঁৱৰণী মঞ্চৰ ব্যৱস্থাপনাত আজি দুগৰাকী বিশিষ্ট বিহু গীতৰ শিল্পীক ২০২১ আৰু ২০২২ বৰ্ষৰ বঁটা প্ৰদান কৰা হয়। শিল্পী দুগৰাকী হৈছে কলিয়াবৰৰ কবিন ফুকন আৰু অসমৰ জনপ্ৰিয় শিল্পী বিপুল চেতিয়া ফুকন। কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্য পূৰ্ণ পৰিবেশত অনুষ্ঠিত এখনি সভাত দুয়োগৰাকী শিল্পীকে পঁচিশ হাজাৰকৈ নগদ মাননী, জাপি গামোচা, অঙ্গবস্ত্ৰ আৰু স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হয়।
মুক্তিযোদ্ধা কমল চন্দ্ৰ মহন্ত সোঁৱৰণী মঞ্চৰ উদ্যোগত বৰলুইত কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ ব্যৱস্থাপনাত আৰু নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনী, জি এল পি চ’চিয়েল চাৰ্কোল আৰু ব্যতিক্ৰম মাচডোৰ সহযোগত আয়োজিত অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে ভাষন দিয়ে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপক উৎপল বৰাই। ভাষন প্ৰসংগত তেওঁ মুক্তিযোদ্ধা কমল চন্দ্ৰ মহন্তৰ ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণৰ কিয়দাংশ আলোকপাত কৰি উপস্থিত ৰাইজক আপ্লুত কৰে।
বিৰাজ ভূষন বৰাই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে স্বৰ্গদেউ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ উপ সভাপতি তথা শিক্ষিবিদ দয়ানন্দ বৰগোহাঁই, লণ্ডন সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী লাহৰি বৰঠাকুৰ, কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০হিৰন্য কুমাৰ চলিহা, মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস,
এন ডি ২৪ ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং, অসমীয়া খবৰ কাকতৰ মুখ্য সম্পাদক বিশ্বজিত দাস আৰু নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনীৰ সভাপতি পবন দত্তই অংশগ্ৰহণ কৰে।
ভাষণ প্ৰসংগত দয়ানন্দ বৰগোহাঁইয়ে কয় বৰ্তমান সময়ত সমাজত কাম কৰা মানুহ কমি আহিছে। ৰাজদ্বীপ বাইলুঙে কয় যে যি সকলৰ বদ্যনতাত দেশখনে স্বাধীনতা পালে তেওঁ লোকক যথোচিত সন্মান জনোৱাতো সমাজৰেই কাম। তেওঁ লগতে কয় বুৰঞ্জী মানুহে নপঢ়া হ’ল। বীৰ বীৰংগনাৰ তথ্য আজিৰ দিনত থাকিও নাই।
লণ্ডন সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী লাহৰি বৰঠাকুৰে কয় যে অসমীয়া ভিষাটো নতুন প্ৰজন্মক ভালদৰে শিকাই বুজাই লোৱাৰ সময় আহিছে। তেওঁ লগতে কয় বিদেশত থাকি অসমীয়া সংস্কৃতি ৰক্ষা কৰি আহিছোঁ। তেওঁ আৰু কয় এটা সুষ্ঠ সবল ভাষাই জাতিটোক জীয়াই ৰাখিব।
অনুষ্ঠানত কণ্ঠশিল্পী সংগীতা কাকতি, তৃষ্ণা দেৱী, পদ্মনাভ বৰদলৈ প্ৰমুখ্য কেইৱাগৰাকীও শিল্পীয়ে গীতৰ শৰাই আগবঢ়াই। কমল চন্দ্ৰ মহন্তৰ জ্যেষ্ঠ পুত্ৰ স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰা অনুষ্ঠানটোৰ আৰম্ভণিতে কমল চন্দ্ৰ মহন্তৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে মহন্তৰ সহধৰ্মিনী কাঞ্চন মহন্তই। আদৰণি ভাষন দিয়ে মণিমাধৱ মহন্তই। অনুষ্ঠানত সাংস্কৃতিক কৰ্মী হিৰু প্ৰসাদ মহন্ত, কমল গোস্বামী, প্ৰভাত গোস্বামী, হেমোধৰ হাজৰিকা, মৃণাল কুমাৰ হাজৰিকা প্ৰমুখ্য দুই সহস্ৰাধিক সচেতন ৰাইজে অংশগ্ৰহণ কৰে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/D0m2ygr
via IFTTT
Comments
Post a Comment