উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰাৰ অভিযোগ টীয়ক আৰক্ষীৰ বিৰুদ্ধে…

ডিজিটেল সংবাদ, টীয়ক: আৰক্ষীক অধিক ক্ষমতা প্ৰদান কৰাৰ নামত এতিয়া এনে এক পৰ্যায় পাইছেগৈ যে আৰক্ষীয়ে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাকো অমান্য কৰিবলৈ কুন্ঠাবোধ নকৰে । তেনে এক ঘটনা সংঘটিত হৈছে যোৰহাট জিলাত ।

উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশনাক আংগুষ্ঠ প্ৰদৰ্শন কৰি যোৰহাটৰ আৰক্ষীয়ে টীয়কৰ মেলেংস্থিত গেনন ডাংকাৰলি এণ্ড প্ৰাইভেট লিমিটেড চমুকৈ জিডিচিএলৰ চাউনিৰ পৰা কৰ্তব্যৰত দুজন সুৰক্ষা কৰ্মীক আটক কৰি ওৰে নিশা টীয়ক আৰক্ষী থানাত বহুৱাই থোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

ঘটনাৰ বিবৰণি অনুসৰি যোৰহাটৰ অজন্তা বাইপাছৰ পৰা জাঁজীলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেনযুক্তভাৱে নিৰ্মাণৰ ঠিকা লাভ কৰিছিল জিডিচিএল নামৰ এটি ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে।উল্লেখিত প্ৰতিষ্ঠানটোৱে আৰ্থিক মন্দাৱস্থাৰ বাবে উক্ত পথচোৱা নিৰ্মাণৰ বাবে লিংকন এণ্ড ডিগনিতি নামৰ এটা প্ৰতিষ্ঠানক হস্তান্তৰ কৰে আৰু তেওঁলোকৰ পথ নিৰ্মাণত ব্যৱহৃত সকলো সামগ্ৰীসহ মেলেং স্থিত চাউনিটো লিংকণক ভাড়াত দিয়ে।

পৰবৰ্তী সময়ত লিংকণ এণ্ড ডিগনিতি নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে সময়মতে কাম কৰিব নোৱাৰি আধাতেই এৰি অন্তধ্যান হয়। ইপিনে টীয়কৰ মেলেংস্থিত চাউনিত থকা জি ডি চি এলৰ কোটিটকীয়া মুল্যৰ সামগ্ৰীসমুহ উলিয়াই নিবলৈ আৰক্ষীয়ে ৰহস্যজনকভাৱে বাধা প্ৰদান কৰে বুলি জি ডি চি এলৰ বিষয়ববীয়াই জানিবলৈ দিয়ে আৰু উপায়ন্তৰ হৈ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে উচ্চ ন্যায়ালয়ৰ কাষ চাপে।

সেই অনুসৰি তেওঁলোকৰ আবেদনৰ ভিত্তিত মহামান্য উচ্চ ন্যায়ালয়ে যোৱা ২ মাৰ্চত ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ চাউনিত আৱদ্ধ হৈ থকা সম্পত্তিসমুহ কাষৰীয়া শিৱসাগৰ জিলাত চলি থকা চাৰিলেনযুক্ত পথ নিৰ্মাণস্থলীলৈ হস্তান্তৰ কৰিবলৈ অনুমতি দিয়ে বুলি জানিবলৈ দিয়ে।উক্ত নিৰ্দেশাৱলী যোৰহাট জিলা আৰক্ষী অধীক্ষক আৰু টীয়ক আৰক্ষীলৈও প্ৰেৰণ কৰে।

মহামান্য উচ্চ ন্যায়ালয়ৰ নিৰ্দশৰ পাছত ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে চাউনিটোৰ পৰা কিছু সামগ্ৰী দুখনমান গাড়ীত যোৱা ১৯ মাৰ্চত উলিয়াই নিয়ে । এই বিষয়ে চাউনিটোত নিয়োজিত সুৰক্ষা কৰ্মীয়ে টীয়ক আৰক্ষীক অৱগতও কৰিছিল।ইয়াৰ পাছতো যোৱা ২১ মাৰ্চৰ বিয়লি টীয়ক আৰক্ষী কেম্পটোত উপস্থিত হৈ দুগৰাকী সুৰক্ষা কৰ্মীক কোনো গোচৰ নথকাকৈয়ে উঠাই লৈ যায় আৰু ওৰে নিশা থানাত বহুৱাই ৰাখি পুৱাৰ ভাগত বলপুৰ্বকভাৱে উলিয়াই নিয়া সামগ্ৰীসমুহ পুনৰ ঘুৰাই আনিম বুলি লিখাই লৈ মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ কৰে।

এই সন্দৰ্ভত সুৰক্ষা বাহীনীৰ দলটোৰ ভাৰপ্ৰাপ্ত পৰিচালকগৰাকীয়ে কয় – আমি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰিহে কেম্পৰ পৰা সামগীসমুহ উলিয়াই নিবলৈ দিছিলো।এই কথা টীয়ক আৰক্ষীকো জনোৱা হৈছিল আৰু তেওঁলোকেও সন্মতি প্ৰকাশ কৰিছিল।

কিন্তু এদিন পাছতেই টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ অনুপস্থিতিত পেগু উপাধিৰ দায়িত্বত থকা আৰক্ষী বিষয়াগৰাকীয়ে ওলোটাই কিয় নিবলৈ দিছিল বুলি ৰহস্যজনকভাৱে তেওঁলোকক থানালৈ লৈ গৈ নিশাটো থানাতেই আৱদ্ধ কৰি ৰাখে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা থকা স্বত্বেও আৰক্ষীয়ে এই সমগ্র প্ৰক্ৰিয়াত হস্তক্ষেপ কৰাৰ ঘটনাই ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ সংঘাতৰ ভয়ংকৰ দিশটো উন্মোচিত কৰিছে ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/szLD1lQ
via IFTTT

Comments