ৰেৱত চন্দ্ৰ মহন্তৰ সোৱঁৰনত বঁটা প্ৰদানৰ সিদ্ধান্ত সত্ৰ মহাসভাৰ…

ডিজিটেল সংবাদ , নগাঁও : নগাঁও জিলা সত্ৰ মহাসভাই গ্ৰহণ কৰিছে এক গুৰুত্ব পূৰ্ণ সিদ্ধান্ত ৷ চলিত বৰ্ষৰ পৰা প্ৰদান কৰিব সত্ৰীয়া সংস্কৃতিৰ সাধক, চিন্তাশীল লেখক তথা সমাজসেৱি ৰেৱত চন্দ্ৰ মহন্তৰ নামত বঁটা ৷ নগাঁও জিলা সত্ৰ মহাসভাৰ সম্পাদক উৎপল মহন্তই বঁটা প্ৰদানৰ সিদ্ধান্তৰ কথা সদৰি কৰিছে ৷

নগাঁও চহৰৰ ফৌজদাৰী পট্টিৰ শ্ৰীমন্ত গোপাল দেৱ আতা মন্দিৰত বৃহস্পতি বাৰে অনুষ্ঠিত কাৰ্যনিবাহক সভাই এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ সাহিত্য , সংস্কৃতি , সমাজৰ প্ৰতি অৱদান আগবঢ়োৱা আধ্যাত্মিক দিশৰ লগতে সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা ব্যক্তিক আগবঢ়োৱা হব ৰেৱত চন্দ্ৰ মহন্ত সোঁৱৰনী বঁটা ৷

প্ৰয়াত ৰেৱত মহন্তৰ পৰিয়ালৰ লোকৰ সহযোগত নগাঁও জিলা সত্ৰ মহাসভাই প্ৰতি বৰ্ষৰ ১৫ নবেম্বৰত সত্ৰীয়া সংস্কৃতি দিবসৰ দিনা এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই বঁটাত থাকিব নগদ ধন , মানপত্ৰ , স্মাৰক , অংগবস্ত্ৰ আদি ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/KzhPjmV
via IFTTT

Comments