চতুৰ্থ লহৰঃ চীন, ইংলেণ্ড, ইটালীত পুনৰ কোৰোনাৰ বিধ্বংসী ৰূপ…

ডিজিটেল ডেস্কঃ পুনৰ কোৰোনাই লৈছে ভয়ংকৰ ৰূপ। চীনৰ লগতে কেইবাখনো দেশত কোৰোনাৰ বৰ্দ্ধিত সংক্ৰমণে চিন্তাত পেলাইছে বিশেষজ্ঞসকলক। ভাৰতৰ বিশেষজ্ঞ সকলেও কোৰোনাৰ চতুৰ্থ লহৰ অহাৰ আশংকা ইতিমধ্য়েই ব্যক্ত কৰিছে।
শেহতীয়াকৈ চীনত প্ৰতি দিনাই হাজাৰ হাজাৰ লোক প্ৰতিদিনাই আক্ৰান্ত হৈছে। শেহতীয়াকৈ ইউৰোপ আৰু দক্ষিণ পূব এচিয়াৰ কোৰোনাৰ প্ৰকোপ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ১৪মাহৰ পিছত চীনত কোৰোনাই প্ৰাণ ললে দুজন লোকৰ।
ইফালে হংকঙত কোৰোনাৰ আক্ৰান্তৰ সংখ্যাই ১০লাখৰ পাৰ কৰিছে। সবাতোকৈ অধিক কোৰোনাই বিধ্বংসী ৰূপ ধাৰণ কৰিছে দক্ষিণ কোৰিয়াত। এতিয়ালৈকে পুনৰ ৯০লাখ লোক আক্ৰান্ত হৈছে ইয়াত। ইয়াৰে প্ৰায় ১৬শতাংশ অথাত ১৪লাখ লোক বৃহস্পতিবাৰৰ পৰা শুকুৰবাৰৰ ভিতৰত আক্ৰান্ত হৈছে।
ফান্স, ইংলেণ্ড, ইটালীত বিগত এটা সপ্তাহত ৩০শতাংশ সংক্ৰমণ বৃদ্ধি পাইছে। সমগ্ৰ বিশ্বত এই সপ্তাহত কোৰোনাৰ সংক্ৰমণ ১২শতাংশ বৃদ্ধি পাইছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/FhICAXj
via IFTTT
Comments
Post a Comment