ৰাষ্ট্ৰীয় পেঞ্চাক চিলাট প্ৰতিযোগিতাত অসম দলৰ চমকপ্ৰদ সাফল্য…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : পাঞ্জাৱৰ লুধিয়ানাত ১১ ৰ পৰা ১৪ মাৰ্চলৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পেঞ্চাক চিলাট প্ৰতিযোগিতাত অসম দলে চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। দেশৰ ৩৪ খন ৰাজ্যৰ লগতে প্ৰায় সকলো ৰাজ্যৰ ৰাজ্যিক পুলিচ দলে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অসম পেঞ্চাক চিলাট এছ’চিয়েশ্ব্যনৰ হৈ অংশগ্ৰহণ কৰা ডিব্ৰুগড় জিলাৰ ভাস্কৰজ্যোতি ডেকাই সোনৰ পদক,বৰপেটা জিলাৰ ড. মাহাবুব ৰহমান আৰু গোৱালপাৰা জিলাৰ দিবাকৰ ৰাভাই ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে ওডালগুৰি জিলাৰ জোনমণি মোছাহাৰীয়ে ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

দেশৰ ১৫০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনত অংশগ্ৰহণকাৰী ২৪ জনীয়া অসম দলটোৰ নেতৃত্ব বহন কৰিছিল অসম পেঞ্চাক চিলাট এছ’চিয়েশ্ব্যনৰ যুটীয়া সম্পাদক গগন চন্দ্ৰ বড়ো আৰু মুখ্য প্ৰশিক্ষক এলবিষ্টন মাৰাকে ।

আনহাতে পঞ্জাৱৰ পৰা ১৮ মাৰ্চত আহি গুৱাহাটীত উপস্থিত হ’ব লগীয়া অসম দলটোক সেইদিনা বিভিন্ন দল-সংগঠনে বিপুলভাৱে আদৰণি জনাব বুলি অসম পেঞ্চাক চিলাট এছ’চিয়েশ্ব্যনৰ প্ৰতিস্থাপক সম্পাদক তথা বৰ্তমানৰ কাৰিকৰী সঞ্চালক লক্ষ্যজিত দলেয়ে জানিবলৈ দিছে ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/PJsUpYD
via IFTTT

Comments